• মৈৰাবাৰীত যৌতুক দাবী কৰি ৰোষত পৰিল দৰাঃ কইনাৰ পৰিয়ালে ৰভাস্থলীত বাতিল কৰিলে বিবাহ

    আঞ্চলিক
    মৈৰাবাৰীত যৌতুক দাবী কৰি ৰোষত পৰিল দৰাঃ কইনাৰ পৰিয়ালে ৰভাস্থলীত বাতিল কৰিলে বিবাহ
    ডিজিটেল ডেস্কঃ কিমান যে সপোন বকুত বান্ধি যুগ্মজীৱনৰ পাতনি মেলে সকলোৱে, কিন্তু মৈৰাবাৰীত বিয়া কৰাবলৈ আহি যৌতুকত বাইক দাবী কৰি কইনাৰ পৰিয়ালৰ ৰোষত পৰিল দৰা। মৰিগাঁও জিলাৰ মৈৰাবাৰীত যৌতুক দিব নোৱাৰাত ৰভাস্থলীৰপৰা বিদায় ল’বলগা হ’ল এজন দৰাই।

    নগাঁও জিলাৰ চতিয়ান গাঁৱৰ তফিৰুদ্দিন ইছলামৰ পুত্ৰ জহিৰুল ইছলাম নামৰ যুৱকজনৰ লগত মৈৰাবাৰীৰ এগৰাকী যুৱতীৰে বিয়াৰ সকলো আয়োজন সম্পূৰ্ণ হৈছিল। যৌতুকত বাইক দিবলৈ অক্ষম কইনা ঘৰে ইতিমধ্যে বিয়াৰ সকলো আয়োজন সম্পূৰ্ণ কৰিছিল যদিও দৰাৰ পিতৃয়ে বিয়াৰ ঠিক আগমুহূৰ্তত ফোনযোগে কন্যাৰ পিতৃক পালছাৰ বাইক আৰু ফাৰ্নিচাৰ দাবী কৰাত উপায়হীন হৈ পৰে কইনা ঘৰৰ মানুহ আৰু অথন্তৰ লাগে বিয়া ঘৰত। অৱশেষত স্থানীয় ৰাইজৰ সহযোগত দৰাৰ পিতৃ আৰু দৰাক আবদ্ধ কৰি জবাবদিহি কৰাৰ লগতে কইনা নিদিয়াকৈয়ে উভতাই পঠাই দৰা ঘৰৰ মানুহক।