ডিজিটেল ডেস্ক: গৰৈমাৰী আৰক্ষীৰ বৃহৎ সাফল্য। বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ব্যৱসায়ীক আটক। এইবাৰ Action MOODত গৰৈমাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ ডেকা।
নিশা ২ বজাত অভিযান চলাই আটক কৰে ড্ৰাগছ সৰবৰাহকাৰীক। ধৃত ড্ৰাগছ ব্যৱসায়ীটো দক্ষিণ কামৰূপৰ গৰৈমাৰী জোৰশিমুলীৰ দুখী শ্বেখ বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে গৰৈমাৰী আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি জানিব পাৰে যে গুৱাহাটীৰ পৰা এখন বিলাহী বাহনেৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ লৈ গৰৈমাৰীৰ ফালে আহি আছে। লগে লগে জোৰশিমুলী আৰক্ষীৰ সহযোগত অভিযান চলাই।
অ'চি নৱজিৎ ডেকাৰ লগত সংগ দিছিল গৰৈমাৰী আৰক্ষী থানাৰ সহকাৰী উপ-পৰিদৰ্শক ৰুমী দলে আৰু জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ দাসে।
গৰৈমাৰী আৰু জোৰশিমুলী আৰক্ষীৰ যৌথ অভিযানত ব্যৱসায়ীজনৰ পৰা উদ্ধাৰ হৈছে ৭ টাকৈ পেকেটত প্ৰায় ৫ লক্ষাধিক টকাৰ ড্ৰাগছৰ লগতে দুটাকৈ মবাইল ফোন আৰু ড্ৰাগছৰ ব্যৱসায়ত ব্যৱহাৰ কৰা AS 01 SC 8838 নম্বৰৰ বাহন।
দুখী শ্বেখে দীৰ্ঘ দিনৰে পৰা গৰৈমাৰী জোৰশিমুলী অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আছিল। আজি ড্ৰাগছ ব্যৱসায়ী দুখী শ্বেখক জেল হাজোতলৈ প্ৰেৰণ কৰে।
Leave A Comment