• কাছাৰত ২কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ! গ্ৰেপ্তাৰ মিজোৰামৰ সৰবৰাহকাৰী

    আঞ্চলিক
    কাছাৰত ২কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ! গ্ৰেপ্তাৰ মিজোৰামৰ সৰবৰাহকাৰী




    ডিজিটেল ডেস্কঃ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে কাছাৰত এছটিএফে চলোৱা অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী। গোপন তথ্যৰ ভিত্তিত আই জি পি পার্থ সাৰথি মহন্তৰ নেতৃত্বত কাছাৰ আৰক্ষীয়ে শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে নিশা অভিযান চলাই জব্দ কৰে কৰে বুজন পৰিমাণৰ হেৰ'ইন।


    শিলচৰৰ নিকটৱৰ্তী শিলডুবিত ৰাষ্ট্ৰীয় ঘাইপথত হেৰ'ইনখিনি জব্দ কৰা হয়। আৰক্ষী সূত্ৰে জানিব পৰা মতে, মিজোৰামৰ পৰা অহা এখন বাহনত তালাচী চলাই এছ টি এফ আৰু কাছাৰ আৰক্ষীয়ে ১০৫ টা হেৰ'ইনভৰ্তি চাবোনৰ বাকচসহ কেবাটাও হেৰ'ইনভৰ্তি ডাঙৰ পেকেট জব্দ কৰে।

    বাহনখনৰ গোপন চেম্বাৰৰ পৰা জব্দ কৰা নিচাজাতীয় সামগ্ৰীখিনিৰ ওজন প্ৰায় ২১ কেজি বুলি জানিবলৈ দিয়ে। জব্দকৃত হেৰ'ইনখিনিৰ মূল্য প্ৰায় ২কোটি হ'ব বুলি অনুমান কৰা হৈছে।

    এইখনিতে উল্লেখ কৰা প্ৰয়োজন যে, হেৰ'ইনখিনি চুবুৰীয়া ৰাজ্য মিজোৰামৰ পৰা কাছাৰ অভিমুখে অনাৰ সময়ত গোপন তথ্যৰ ভিত্তিত এছটিএফে জব্দ কৰে। নিষিদ্ধ হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে মিজোৰামৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ কথা উল্লেখ কৰে।

    অৱশ্যে তদন্তৰ স্বাৰ্থত লোকজনৰ নাম সদৰী কৰা নাই আৰক্ষীয়ে। বৰ্তমান লোকজনক জেৰা অব্যাহত ৰাখিছে। প্ৰসংগক্ৰমে আৰক্ষীয়ে কয় যে, এয়া উত্তৰ পূবৰ ভিতৰত সৰ্ব বৃহৎ ড্ৰাগছ জব্দ কৰা প্ৰথম ঘটনা আৰু অসম আৰক্ষীৰ বাবে বৃহৎ সাফল্য।