ডিজিটেল ডেস্কঃ ড্ৰাগছৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ অভিযান। মঙলবাৰে বিয়লি প্ৰায় ৪:৩০ বজাত বিশ্বাসযোগ্য গোপন সূত্ৰৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে অভিযান চলায়। ফটাশিল আমবাৰী আৰক্ষীক লৈ আজাৰা ACPয়ে চলালে অভিযান।
অভিযানৰ সময়ত উদয় দাস নামৰ এজন সৰবৰাহকাৰীক আটক কৰে। ধৃত সৰবৰাহকাৰী উদয় দাস জালুকবাৰীৰ বাসিন্দা।
পিতৃৰ নাম গংগা দাস। ২৮টা কণ্টেইনাৰত নিষিদ্ধ হেৰ’ইন আনিছিল উদয় দাসে। জব্দ কৰা হেৰ’ইনখিনিৰ পৰিমাণ ৩৭.৪৬ গ্ৰাম
ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত। গ্ৰহণ কৰা হৈছে প্ৰয়োজনীয় আইনী ব্যৱস্থা।
Leave A Comment