ডিজিটেল ডেস্কঃ ৰাজ্যৰ যশস্বী কণ্ঠশিল্পী দ্বীপেন বৰুৱাৰ আজি জন্মদিন। যাৰ প্ৰাণস্পৰ্শী কণ্ঠই দশক দশক জুৰি অজস্ৰ দৰ্শকক মোহাচ্ছন্ন কৰি ৰাখিছে..দ্বীপেন দাৰ গান বুলিলেই মনত পৰে ‘এখন নেদেখা নদীৰ সিপাৰে’,’এইখনি গাঁও বুকুৰ আপোন’,’হালে জালে ঐ’, ‘ঢৌ তুলি নাচিলে বুকু’ আদি এনে কেইবাটাও চিৰসেউজ গীত…যিজন কণ্ঠশিল্পীয়ে অসমৰ ছবিজগতৰ বহুকেইজন নায়কৰ বাবে গীত গাই ছবিসমূহক জনপ্ৰিয়তা দিছিল..সেইজন চিৰসেউজ কণ্ঠশিল্পীৰ আজি ওপজা দিন।
লতাশিলৰ ঐতিহাসিক ঘৰটোত ৰমেন দাৰ অবৰ্তমানত দ্বীপেন দাৰ জন্মদিন উদযাপন। প্ৰাগ নিউজৰ উদ্যোগত দ্বীপেন দাৰ জন্মদিন উদযাপন। প্ৰাগ নিউজৰ কাৰ্যবাহী সম্পাদক দেৱজিৎ ভূঞা, ইনপুট এডিটৰ প্ৰণৱজ্যোতি নদীয়াল, ৰেৱ কুমাৰ বৰা, পল্লৱী বৰা, বিকাশ অধিকাৰীৰ লগত জন্মদিনৰ কেক কাটিলে চিৰসেউজ কণ্ঠশিল্পী গৰাকীয়ে।
এই শুভ দিনটিত অসমৰ দৰ্শক শ্ৰোতাৰ বাবে সদায় গান গাই যাব বুলি মন্তব্য দ্বীপেন দাৰ। অসমৰ ৰাইজৰ মৰম,শুভেচ্ছা বাণীয়ে তেঁওৰ মন ভৰাই তুলিছে বুলি প্ৰাগ নিউজক ক’লে কণ্ঠশিল্পী গৰাকীয়ে। ইমান মৰম আদৰৰ বাবে অসমৰ ৰাইজক ধন্যবাদ জনালে যশস্বী কণ্ঠশিল্পী গৰাকীয়ে…
দ্বীপেন বৰুৱা দীৰ্ঘায়ু হওক..সুস্বাস্থ্যৱান হৈ থাকক..এয়াই শুভকামনা
Leave A Comment