ডিজিটেল ডেস্কঃ ই-ৰিক্সা চালক হজৰত আলীৰ মহানুভৱতা। তেওঁৰ ৰিক্সাত এগৰাকী যাত্ৰীয়ে এৰি থৈ গ'ল টকাভৰ্তি এটা বেগ। কিন্তু সেই টকাৰ লোভ নকৰি হজৰতে টকাখিনি গৰাকীক ঘূৰাই দিয়াৰ ব্যৱস্থা কৰে।
বিশ্বনাথৰ গোৱালতলীত ঘটিছে এই ঘটনা। হজৰত আলীৰ ই-ৰিক্সাখনত চুমি মুণ্ডা নামৰ এগৰাকী যাত্ৰীয়ে এৰি থৈ গৈছিল এটা বেগ। বেগত আছিল নগদ ৩৮,০০০/- টকা। ইয়াৰ লগতে আছিল আধাৰকাৰ্ড, পানকাৰ্ডসহ বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ। তাৰপাছত ই-ৰিক্সাখন বিচাৰি যাত্ৰীগৰাকীৰ লাগিল হুৱা-দুৱা।
তেনে সময়তে হজৰতে বেগটো প্ৰত্যক্ষ কৰি নিৰীক্ষণ কৰে। বেগত নগদ ধন আৰু নথিপত্ৰ থকা গম পাই বিশ্বনাথ আৰক্ষীৰ সৈতে যোগাযোগ কৰে চালকজনে। বিশ্বনাথ আৰক্ষীয়ে বেগৰ গৰাকীৰ সন্ধান উলিয়ায়। বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত আৰক্ষীৰ উপস্থিতিত হজৰত আলীয়ে টকাসহ নথিপত্ৰৰে ভৰপূৰ বেগটো প্ৰদান কৰে বিশ্বনাথৰ নীলপুৰৰ চুমি মুণ্ডা নামৰ মহিলা গৰাকীক।
চালক হজৰত আলীয়ে সামাজিক দায়বদ্ধতা প্ৰদৰ্শন কৰা বাবে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া পৱন গায়নসহ আৰক্ষীৰ দলটোৱে এখন গামোচা, মিঠাইৰ টোপোলাসহ উপহাৰ প্ৰদান কৰে হজৰত আলীক।
Leave A Comment