• অসমত কাইলৈ ঈদ, বিভিন্ন অঞ্চলত ঈদ উদযাপনৰ ব্যাপক প্ৰস্তুতি, বিভিন্নজনৰ শুভেচ্ছা জ্ঞাপন

    আঞ্চলিক
    অসমত কাইলৈ ঈদ, বিভিন্ন অঞ্চলত ঈদ উদযাপনৰ ব্যাপক প্ৰস্তুতি, বিভিন্নজনৰ শুভেচ্ছা জ্ঞাপন
    ডিজিটেল ডেস্কঃ ইছলাম ধৰ্মাম্ৱলম্বী লোকৰ পৱিত্ৰ উৎসৱ ঈদ উপলক্ষে সমগ্ৰ দেশৰ লগতে ধুবুৰী , বঙাইগাঁও আদি জিলাৰ বিভিন্ন অঞ্চলৰ লগতে বিলাসীপাৰা , চাপৰ, সাপটগ্ৰাম, লক্ষ্মীগঞ্জ, তথা অন্যান্য অঞ্চলতো ইছলাম ধৰ্মালম্বী ৰাইজৰ মাজত ব্যাপক উছাহ উদ্দীপনা পৰিলক্ষিত হৈছে ৷ অঞ্চলটোৰ বজাৰ সমাৰতো ইছলাম ধৰ্মালম্বী ৰাইজে নতুন বস্ত্ৰ আদি সামগ্ৰী ক্ৰয় কৰাৰ বাবে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ 

    ইফালে এই পৱিত্ৰ ঈদ উপলক্ষে , বি টি আৰৰ এম চি এল এ দানেশ্বৰ গয়াৰী , ডা০ জে আহমেদ( কোকৰাঝাৰ), অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিত শৰ্মা, বিশিষ্ট চিকিৎসক তথা দুধনৈত অৱস্থিত এইচ আৰ এম হস্পিতালৰ এম ডি ডা° জয়কান্ত ৰাভা , বিশিষ্ট সমাজ সেৱক ৰুদ্ৰ পাঠক ( অভযাপুৰী ),বিশিষ্ট সমাজ সেৱিকা সোণপাহী ৰাভা, সাহিত্যকৰ্মী ডা° দিগন্ত চৌধুৰী, ( বঙাইগাঁও ) , ডা° এৰিকা চাংমা, ডা° নাছিৰ জামান , জ্যেষ্ঠ নাগৰিক তথা বিশিষ্ট সমাজকৰ্মী মালচান্দ লালানি, ( বিলাসীপাৰা) আদি বিশিষ্ট ব্যক্তিসকলে ইছলাম ধৰ্মালম্বী ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি এই পৱিত্ৰ ঈদে সকলো জাতি-ধৰ্মৰ লোকৰ মাজত শান্তি-সম্প্ৰতিৰ সাকোঁ গঢ়ি তুলিব বুলি আশা প্ৰকাশ কৰে ৷