• চচলৰ উচ্ছেদস্থলীত অসম জাতীয় পৰিষদ, খিলঞ্জীয়াক উচ্ছেদৰ তীব্ৰ প্ৰতিবাদ

    আঞ্চলিক
    চচলৰ উচ্ছেদস্থলীত অসম জাতীয় পৰিষদ, খিলঞ্জীয়াক উচ্ছেদৰ তীব্ৰ প্ৰতিবাদ
    ডিজিটেল ডেস্কঃ গুৱাহাটীৰ চচল এলেকাত প্ৰশাসনে উচ্ছেদ চলোৱা ঠাইত আজি উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ৷ দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাসহ এটা প্ৰতিনিধি দলক লগত লৈ গগৈয়ে শিলসাকোঁ বিলৰ দুয়োপাৰে উচ্ছেদ হোৱা স্থানসমূহ পৰিদৰ্শন কৰে আৰু উচ্ছেদিত পৰিয়ালৰ একাংশ লোকৰ সৈতে কথা পাতে৷ ইয়াৰ পূৰ্বে দলৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীৰ নেতৃত্বত দলৰ এটা প্ৰতিনিধিৰ দলে  ১৬ মে’ৰ দিনা আক্ৰান্ত পৰিয়ালসমূহৰ মাজত তিৰপাল আৰু কিছু খাদ্য সামগ্ৰী বিতৰণ কৰে৷ 

    আজি লুৰীণজ্যোতি গগৈ নেতৃত্বাধীন প্ৰতিনিধি দলটোৱে উচ্ছেদিত স্থানসমূহৰ লগতে শিলসাঁকো বিলৰ পাৰত থকা বদৰুদ্দিন আজমল আৰু হিম্মতসিংকাৰ মাটি থকা বুলি স্থানীয় ৰাইজে অভিযোগ কৰা বৃহৎ ভূমিৰ প্লটখিনিও পৰিদৰ্শন কৰে৷ তাৰ পাছত জাতীয় পৰিষদৰ প্ৰতিনিধি দলটোৱে বোন্দা অঞ্চলত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱাৰ বাসভৱনলৈ বুলি শিলসাঁকো-বোন্দাজানৰ মাটি পুতি নিৰ্মাণ কৰি থকা ৰাস্তাটোও পৰিদর্শন কৰে৷ 

    চচলৰ আক্ৰান্ত লোকসকলৰ সৈতে বাৰ্তালাপ কৰাৰ পাছত লুৰীণজ্যোতি গগৈয়ে উপস্থিত সাংবাদিকসকলৰ আগত কয় যে যিসকলল লোকক চৰকাৰী বাহিনীয়ে উচ্ছেদ কৰিছে, তেওঁলোক খিলঞ্জীয়া জনগোষ্ঠীৰ লোক৷ তেওঁলোকক উচ্ছেদ কৰা হ’ব বুলি কোনো ধৰণৰ আগতীয়া জাননী প্ৰদান কৰা হোৱা নাই৷ নিজকে খিলঞ্জীয়াৰ চৰকাৰ বুলি দাবী কৰা বিজেপিৰ চৰকাৰে উচ্ছেদৰ পাছত উক্ত লোকসকলক সেই ঠাইত মুকলি আকাশৰ তলত অনাথৰ দৰে এৰি দিছে৷ এয়া দুৰ্ঘোৰ অন্যায়৷ জাননী নিদিয়াকৈ উচ্ছেদ কৰা কাৰ্য অমানৱীয় আৰু আইনবিৰোধী বুলি উল্লেখ কৰি গগৈয়ে কয় যে উচ্ছেদিত স্থানৰ নাতি দূৰৈত এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ মাটি আছে বুলি ৰাইজে কৈয়েই আছে৷ আজমলৰ মাটি বুলি চিহ্নিত মাটিখিনিৰ চৌপাশে বৃহৎ দেৱাল নিৰ্মাণ কৰা আছে৷ বিতৰ্কিত ব্যৱসায়ী হিম্মতসিংকাই বিলৰ মাটি দখল কৰি হোটেল বনোৱাৰ কথাও ইতিমধ্যে বাৰে বাৰে সংবাদ মাধ্যমত ওলাইছে৷ মুখ্যমন্ত্ৰী ৰাজনৈতিক উপদেষ্টা জয়ন্ত মল্ল বৰুৱাই শিলসাঁকো-বোন্দাজান বিল পুতি তাৰ মাজেৰে নিজৰ ঘৰলৈ বৃহৎ ৰাস্তা বনাই থকাটো সকলোৰে চকুৰ আগত ঘটি আছে৷ শিলসাঁকো বিল আৰু বোন্দা জানৰ পাৰত বহু ডাঙৰ ডাঙৰ মানুহে মাটি বেদখল কৰি অট্টালিকা বনোৱাৰ কথা ৰাইজৰ মুখে মুখে৷ তাৰ পাছতো চৰকাৰে সেইবোৰলৈ চকু নিদি সাধাৰণ খাঁটি খোৱা দৰিদ্ৰ খিলঞ্জীয়া তথা জনজাতীয় লোকক উচ্ছেদ কৰাটোয়ে এইখন যে খিলঞ্জীয়া বিৰোধী বনিয়াৰ চৰকাৰ সেই কথা প্ৰমাণ কৰিলে৷ 

    গগৈয়ে লগতে কয় যে ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ গঠনৰ পাছৰে পৰা চৌদিশে এতিয়া মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লোকে চৰকাৰী মাটি নানান কুট-কৌশলেৰে কুক্ষিগত কৰাৰ ন ন তথ্য পোহৰলৈ আহিয়ে আছে৷ কোটিপতি ব্যৱসায়ী-ৰাজনীতিক বদৰুদ্দিন আজমলেও একে কাম কৰি আছে৷ মুখ্যমন্ত্ৰী আৰু আজমলৰ যিহেতু গোপন বুজাবুজি আছেই, সেয়ে এই কথা নিশ্চিতভাৱে ক’ব পাৰি যে মুখ্যমন্ত্ৰী আৰু আজমলে মিলি চৰকাৰী মাটি নিজৰ অধীন কৰাৰ কামত আত্মনিয়োগ কৰি আছে৷ শিলসাঁকো বিলত আজমলৰ মাটি উচ্ছেদ নকৰা আৰু সাধাৰণ দুখীয়া খিলঞ্জীয়া লোকক অন্যায়ভাৱে গৃহহীন কৰা ঘটনাটোয়ে তাৰ প্ৰমাণ৷ 

    গগৈয়ে কয় যে বিজেপি দলৰ দিছপুৰৰ বিধায়ক অতুল বৰাই সংবাদমেলৰ আয়োজন কৰি আমছাং অভয়াৰণ্যৰ ৩০ বিঘা মাটি আজমলে বেদখল কৰি ৰখা বুলি ৰাজহুৱাকৈ কোৱাৰ পাছতো মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ নকৰাটোৱেই প্ৰমাণ কৰে যে আজলমৰ সৈতে মুখ্যমন্ত্ৰীৰ গোপন বুজাবুজি আছে৷ 

    দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে ইমান দিনে সন্দেহজনক লোকক উচ্ছেদ কৰিছো বুলি কৈ ৰাইজৰ সমৰ্থন ল’বলৈ চেষ্টা কৰা চৰকাৰখনে এইবাৰ খিলঞ্জীয়া লোকৰ গাত হাত দিয়াৰ দুঃসাহস কৰিলে৷ তাৰ পৰিণতি বিজেপি দলে ভোগ কৰিব লাগিব৷