• প্ৰেমৰ নামত প্ৰৱঞ্চনাঃ যুৱতীৰে শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰি বিয়া পাতিবলৈ অস্বীকাৰ,গ্ৰেপ্তাৰ অসম আৰ্মছ ৰেচলিং এচোছিয়েশ্যনৰ সদস্য প্ৰাণজিত শইকীয়া

    আঞ্চলিক
    প্ৰেমৰ নামত প্ৰৱঞ্চনাঃ যুৱতীৰে  শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰি বিয়া পাতিবলৈ অস্বীকাৰ,গ্ৰেপ্তাৰ অসম আৰ্মছ ৰেচলিং এচোছিয়েশ্যনৰ সদস্য প্ৰাণজিত শইকীয়া
    ডিজিটেল ডেস্কঃ প্ৰেম আৰু প্ৰৱঞ্চনা যেন এতিয়া বহুতৰে বাবে সাধাৰণ কথা হৈ পৰিছে। এইবাৰ গুৱাহাটী মহানগৰীত এজন প্ৰাক্তন খেলুৱৈৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে উত্থাপন কৰিছে প্ৰেমৰ নামত প্ৰৱঞ্চনাৰ অভিযোগ। 

     প্ৰেমৰ নামত মহানগৰীত যুৱতীক কৰা ভয়ংকৰ প্ৰৱঞ্চনাত এজন প্ৰাক্তন খেলুৱৈ জড়িত থকাৰ অভিযোগে এতিয়া বহুতকে আচৰিত আৰু চিন্তিত কৰি তুলিছে।  প্ৰেমৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগত অভিযুক্ত প্ৰাক্তন খেলুৱৈ জনৰ নাম প্ৰাণজিৎ শইকীয়া। অভিযোগ অনুসৰি যুৱতীগৰাকীক বিয়াৰ প্ৰলোভন দি  এমাহ ধৰি প্ৰাণজিৎ শইকীয়াই গঢ়ি তুলিছিল শাৰীৰিক সম্পৰ্ক । 

    কিন্তু পৰৱৰ্তী সময়ত যুৱতীগৰাকীক বিয়া কৰাবলৈ অমান্তি হয় প্ৰাণজিৎ ।উপায়ন্তৰ হৈ যুৱতীগৰাকীয়ে প্ৰাণজিৎ শইকীয়াৰ বিৰুদ্ধে পানবজাৰ মহিলা থানাত ৰুজু কৰিছে গোচৰ ।যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত পানবজাৰ মহিলা থানাত ২০/২৪ নম্বৰত ৰুজু হৈছে গোচৰ। 

    ইয়াৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি গ্ৰেপ্তাৰ কৰে অসম আৰ্মছ ৰেচলিং এচোছিয়েশ্যনৰ সদস্য প্ৰাণজিত শইকীয়াক।