• সুৰা বেপাৰী আটক কৰাৰ বাতৰি প্ৰকাশ ; সাংবাদিকক ভাবুকি আৱকাৰী বিষয়াৰ

    আঞ্চলিক
    সুৰা বেপাৰী আটক কৰাৰ বাতৰি প্ৰকাশ ; সাংবাদিকক ভাবুকি আৱকাৰী বিষয়াৰ
    ডিজিটেল ডেস্ক: শেহতীয়াকৈ সত্ৰনগৰী মাজুলীত জব্দ হোৱাৰ বাতৰিয়ে চৰ্চা লাভ কৰিছিল৷ পুনৰ বাৰ সুৰা কেন্দ্ৰিক বাতৰিৰ বাবে চৰ্চালৈ আহিছে৷ জানিব পৰা মতে মাজুলী গড়মূৰ আৰক্ষীয়ে দুজন মদৰ বেপাৰী আটক কৰি জেললৈ প্ৰেৰণ কৰাৰ বাতৰি প্ৰকাশ কৰাৰা পাছতে সাংবাদিক এজনক আৱকাৰী বিষয়াই ভাবুকি প্ৰদান কৰাৰ বাতৰি পোহৰলৈ আহিছে৷

    প্ৰাপ্ত তথ্য অনুসৰি এই বাতৰি প্ৰকাশ কৰাৰ পাছতে মাজুলীৰ অৱকাৰী বিষয়া জ্ঞানজ্যোতি ডেকাই মাজুলীৰ এজন সাংবাদিকক ৩২ মিনিট ধৰি ফোনত নীতি জ্ঞান দিয়াৰ লগতে ‘মাজুলী মানুহ মদাহী, মাজুলী মানুহে মদ বেচি খাই, মাজুলীত ভাওনা হ’লে অৱকাৰী বিষয়ালৈ মদ বিচাৰি ফোন কৰে’ বুলি মন্তব্য কৰা বুলি জানিব পৰা গৈছে৷ ইয়াৰ পাছতে সৰৱ হৈ উঠিছে সমগ্ৰ মাজুলী জিলা সাংবাদিক সকল। সাংবাদ দাতাৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি অৱশেষত সমূহীয়া ভৱে ক্ষমা বিছাৰে অৱকাৰী বিষয়া জনে ৷ 

    নিজকে সৎ বিষয়া বুলি জাহিৰ কৰা বিষয়া জনে নিজৰ কাৰ্যালয়লৈ সাংবাদিকে ফোন কৰা পাছত হে ১০:৩০ উপস্থিত হয়। কাৰ্যায়লত ৯ গৰাকী কৰ্মচাৰী থকা পাছতো মাত্ৰ এগৰাকী অৱকাৰী বিষয়া আৰু এগৰাকী কনিষ্টবল বাহিৰে আন কোনো উপস্থিত নাছিল আৱকাৰী বিভগৰ  কাৰ্যায়ত। আৱকাৰী বিভাগৰ কাৰ্যালয়ৰ ভিতৰতে খালি মদৰ বটল দিছপজিবল গ্লাছ পৰিলক্ষিত হয়। চৰকাৰী বিভাগ এটাৰ এনে অনিয়ম তথা বিশৃংখলতাৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷