ডিজিটেল ডেস্কঃ ভোগৰ ভোগালী বিহুৰ উৰুকাৰ উছাহ-উদ্দীপনাৰ মাজতে এক বেদনাদায়ক খবৰ৷ জাতি মাটিক ভালপোৱা অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়া আৰু নাই ৷
ফিল’বাৰীৰ ৰাসবাৰিত এক সংগীতানুষ্ঠানত গীত পৰিবেশন কৰি থকা অৱস্থাতে হঠাৎ মঞ্চতে ঢলি পৰে কণ্ঠশিল্পী গৰাকী। সংকটজনক অৱস্থাত দেওবাৰে নিশাই ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় ত ভৰ্তি কৰা হয় শিল্পীগৰাকীক৷ AMCHৰ ICUত ৰখা হৈছিল কন্ঠশিল্পী গৰাকীক ৷ জানিব পৰা মতে হৃদৰোগত আক্ৰান্ত হৈ আছিল ৰাজীৱ শদিয়া ৷
শিল্পীগৰাকীৰ মৃত্যুত শোকস্তব্ধ অসমবাসী ৷ জাতি-মাটিৰ গান গাই ৰাইজৰ হিয়াৰ আমঠু হৈ পৰা শিল্পীজনৰ এই দুঃ খবৰত এতিয়া ব্যৰ্থিত হৈ পৰিছে শিল্পীজনৰ অনুৰাগী৷ জাতিৰ বিভিন্ন সংকটৰ সময়ত ৰাইজৰ কাষত ঠিয় হৈ গীতৰ জৰিয়তে জনমত গঢ়ি তোলাত সক্ৰিয় ভূমিকা গ্ৰহন কৰিছিল এইগৰাকী জাতীয় দায়বদ্ধ শিল্পীগৰাকীয়ে ৷
Leave A Comment