ডিজিটেল ডেস্ক: নলবাৰী জিলাৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ত আজি এটি ফিল্মক্লাবৰ আৰম্ভণি কৰা হয়৷
চিনেমা চৰ্চাকাৰী সংগঠন ‘চলচ্চিত্ৰম’এ আয়োজন কৰা ফিল্ম মহোৎসৱ আৰু প্ৰতিযোগিতাত সন্মান অৰ্জন কৰা কেইবাখনো অসমীয়া আৰু মণিপুৰী ছবি প্ৰদৰ্শন কৰা হয়৷ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° গাৰ্গী চক্ৰৱৰ্তীৰ সভাপতিত্বত আয়োজিত এখন সভাত চলচ্চিত্ৰমৰ অধ্যক্ষ উৎপল দত্ত আৰু ন্যাসৰক্ষী কিশোৰ শিৱমে অংশগ্ৰহণ কৰে৷
ভাষণ প্ৰসংগত দত্তই কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চাবলগীয়া বিষয়বস্তুৰ চিনেমা জনপ্ৰিয় কৰি তোলা আৰু চিত্ৰনিৰ্মাণৰ বিভিন্ন দিশত জড়িত লোকৰ স’তে কথোপকথনৰ আয়োজন কৰা আদৰ্শৰে চলচ্চিত্ৰমে এইলানি কাৰ্যসূচী আৰম্ভ কৰিছে৷
চলচ্চিত্ৰমৰ সংগ্ৰহালয়ত থকা বিভিন্ন ভাষাৰ বিভিন্ন ছবি এই কাৰ্যসূচীৰ জড়িয়তে প্ৰদৰ্শন কৰা হ’ব৷ মহাবিদ্যালয় পৰ্যায়ৰ পাঠ্যক্ৰমত চিনেমা অন্তৰ্ভুক্ত কৰাৰ পৰিপ্ৰেক্ষিতত এই প্ৰচেষ্টা ফলপ্ৰসু হ’ব বুলি দত্তই আশা প্ৰকাশ কৰে৷
Leave A Comment