• সষ্টম প্ৰশাসন : বাৰে বাৰে সতৰ্কবাণী মহানগৰবাসীলৈ

    আঞ্চলিক
    সষ্টম প্ৰশাসন : বাৰে বাৰে সতৰ্কবাণী মহানগৰবাসীলৈ
    ডিজিটেল ডেস্ক : ধাৰাষাৰ বৰষুণৰ ফলত নাজল-নাথল অৱস্থা জনসাধাৰণৰ৷ বিশেষকৈ মহানগৰীত কৃত্ৰিম বানত ককবকাইছে মহানগৰবাসী৷ নেৰানেপৰা বৰষুণৰ ফলত গুৱাহাটীৰ বহু স্থানত বৰ্তমানো ভূমিস্খলন আৰু কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ আছে৷ বানৰ কৱলত পৰা মহানগৰবাসীক সহায়ৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা সকলো সতৰ্ক হৈ আছে বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্তই৷ 

    উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়া মতে, বৰ্তমান ৬৪০ জন লোক সাহায্য শিবিৰত আছে৷ বানাক্ৰান্তক উদ্ধাৰৰ বাবে সমাজ কল্যাণকে ধৰি কেইবাটাও বিভাগক এই কাৰ্য্যসূচীত লগোৱা হৈছে৷ পুৱাৰ ভাগতে ৰাজভৱন আৰু টিভি টাৱাৰত ভূমিস্খলন হৈছে যদিও বিশেষ কোনো ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে৷ মঙলবাৰে মহানগৰীৰ পৰিস্থিতি চাই স্কুল কলেজ বন্ধ দিয়া হৈছিল৷ যদি পৰিস্থিতিৰ বেয়া হয় তেতিয়া পুনৰ সিদ্ধান্ত লোৱা হ'ব বুলি জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে৷

    ইপিনে ধাৰাষাৰ বৰষুণত বুৰ গ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ উত্তৰ দিশৰ ছাত্ৰাৱাস, ছাত্ৰী নিৱাসো৷ বিশ্ববিদ্যালয়ৰ প্ৰায়কেইটা আৱাসত  ছাত্ৰ-ছাত্ৰীৰ থকা-খোৱাৰ লগতে বিশেষকৈ খোৱাপানী আৰু শৌচালয়ৰ সমস্যাৰ সৃষ্টি হৈছে। তাৰোপৰি বিশ্ববিদ্যালয়খনত চলি থকা পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ যাতায়তৰো বিশেষ অসুবিধা হৈছে। উল্লেখ্য যে, বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই বানৰ মাজত ব'লেৰো বাহনৰ ব্যৱস্থাৰে ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষাত অনা নিয়াৰ ব্যৱস্থা কৰি দিয়া বুলি জানিব দিয়ে। আনহাতে, অনিলনগৰত মণিপুৰৰ পৰা শিক্ষামূলক ভ্ৰমণত অহা ছাত্ৰ-ছাত্ৰীৰ দুৰ্গতি৷ কৃত্ৰিম বানত আৱদ্ধ হৈ পৰা ছাত্ৰ-ছাত্ৰীয়ে মূৰত ট্ৰলী বেগ-লাগেজ লৈ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়৷ 



    গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা ভূমিস্খলনৰ খবৰ পোৱাৰ পৰিপ্ৰেক্ষিতত, সকলো জনসাধাৰণক উপযুক্ত সাৱধানতা অৱলম্বন কৰিবলৈ আৰু অতি প্ৰয়োজনীয় নোহোৱালৈকে বাহিৰলৈ নোলাবলৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা পৰামৰ্শ দিয়া হয়৷  যিকোনো জৰুৰী অৱস্থাৰ বাবে ফিল্ড অফিচাৰ গুৱাহাটী (DDMA) ক ৯৭০৭৭-২৭৪২২ অথবা দিছপুৰ ফিল্ড অফিচাৰ দিছপুৰ (DDMA) ক ৮৮৭৬০-৮৬৪৮৮ নম্বৰত অথবা প্ৰশাসনৰ ট’ল ফ্ৰী নং ১০৭৭/৯৩৬৫৪-২৯৩১৪ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে প্ৰশাসনে৷