• শিক্ষাৰ অধিকাৰ আইন সন্দৰ্ভত কঠোৰ স্থিতি উচ্চ ন্যায়ালয়ৰ; ব্যক্তিগত শিক্ষানুষ্ঠানত বিনামূলীয়া নামভৰ্তি নহ’ল দৰিদ্ৰ শিক্ষাৰ্থীৰ

    আঞ্চলিক
    শিক্ষাৰ অধিকাৰ আইন সন্দৰ্ভত কঠোৰ স্থিতি উচ্চ ন্যায়ালয়ৰ; ব্যক্তিগত শিক্ষানুষ্ঠানত বিনামূলীয়া নামভৰ্তি নহ’ল দৰিদ্ৰ শিক্ষাৰ্থীৰ
    ডিজিটেল ডেস্ক: অসমত ব্যক্তিগত খণ্ডৰ একাংশ শিক্ষা প্ৰতিষ্ঠানে মুকলিকৈ চলাইছে লুণ্ঠন৷ একাংশ পুঁজিপতি নিয়ন্ত্ৰিত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে আপাততঃ শ্ৰেণী বৈষম্যৰো সৃষ্টি কৰাৰ অভিযোগ নতুন নহয়৷ অতি উচ্চ নিৰিখৰ মাচুল আৰু অন্যান্য খৰচৰ বাবে সাধাৰণ মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীৰ বাবে সম্ভৱপৰ নহয় তেনে বিদ্যালয়ত অধ্যয়ন কৰাৰ স্বপ্ন৷ 

    আৰু যাৰ বাবে শিক্ষাৰ অধিকাৰৰ ক্ষেত্ৰত আহি পৰে কেতবোৰ অৱধাৰিত প্ৰশ্ন৷ একেখন ৰাজ্যতে শিক্ষাৰ নামত চলি থকা দুখন পৃথক ছবিয়ে নীৰৱে সৃষ্টি কৰে শ্ৰেণী বৈষম্যৰ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে চৰকাৰী শিক্ষাখণ্ডৰ উন্নয়নক লৈ যিমানেই আস্ফালন নকৰিলেও বাস্তৱ ছবিখন সকলোৰে জ্ঞাত৷ হয়তো গৰিষ্ঠসংখ্যক অভিভাৱকে চৰম অনিচ্ছাসত্ত্বেও সন্তানক পঢ়ুৱায় চৰকাৰী শিক্ষানুষ্ঠানত৷ কিন্তু একেসময়তে ধনৰ জোৰত একাংশ অভিভাৱকে অত্যাধুনিক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভৰ্তি কৰোৱায় নিজ সন্তানক৷ আৰু তেনে একাংশ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত বিনিয়োগ কৰে মন্ত্ৰীৰ আত্মীয়, আমোলা-বিষয়াই৷ আৰু শিক্ষাৰ নামত মুকলিকৈ চলে এখন হাইপ্ৰফাইল বজাৰ৷ নীৰৱ-নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰে ৰাজ্য চৰকাৰে৷

    আৰু এই আটাইসমূহ বিষয় চালিজাৰি চাই আজি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰে গুৱাহাটী উচ্চ ন্যায়ালয়৷ চৰকাৰৰ কৰ্মকাণ্ডত অসন্তুষ্ট হৈ পৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়৷ আজিকোপতি চূড়ান্ত নহ'ল ব্যক্তিগত শিক্ষানুষ্ঠানত দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তি প্ৰক্ৰিয়া৷ বিদ্যালয়ে বিদ্যালয়ে নতুন নামভৰ্তি প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছতো নিৰ্লিপ্ত শিক্ষা বিভাগ৷ পঞ্চমবাৰলৈ উচ্চ ন্যায়ালয়ত শপতনামা দাখিলত ব্যৰ্থ হৈছে শিক্ষা বিভাগ৷ নামভৰ্তিৰ সন্দৰ্ভত ন্যয়ালয়ে বাৰম্বাৰ নিৰ্দেশ দিয়াৰ পাছটো প্ৰস্তুত নকৰিলে অনলাইন পৰ্টেল৷ শপতনামা দাখিলৰ বাবে পুনৰ আদালতৰ পৰা সময় বিচাৰিলে শিক্ষা বিভাগে৷ শিক্ষা বিভাগৰ এনে গা এৰা মনোভাবৰ পৰিপ্ৰেক্ষিতত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ ৯ মে’ৰ ভিতৰত সকলো তথ্য সামৰি বিভাগক বিতং শপতনামা দাখিলৰ নিৰ্দেশ দিছে ন্যায়ালয়ে৷ উল্লেখযোগ্য যে শিক্ষাৰ অধিকাৰ আইন অনুসৰি ব্যক্তিগত শিক্ষানুষ্ঠানসমূহে ২৫ % আসন দৰিদ্ৰ শিক্ষাৰ্থীৰ বাবে সংৰক্ষণ কৰাটো বাধ্যতামূলক৷ কিন্তু, এইক্ষেত্ৰত কোনোধৰণৰ ৰাজ্য চৰকাৰে কোনোধৰণৰ ৰূপৰেখা প্ৰস্তুত নকৰাৰ অভিযোগ৷