• গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যুগান্তকাৰী সিদ্ধান্ত; দীপৰ বিলৰ পক্ষী অভয়াৰণ্যৰ মৰ্যাদা আঁতৰাব নোৱাৰিব চৰকাৰে

    আঞ্চলিক
    গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যুগান্তকাৰী সিদ্ধান্ত; দীপৰ বিলৰ পক্ষী অভয়াৰণ্যৰ মৰ্যাদা আঁতৰাব নোৱাৰিব চৰকাৰে
    ডিজিটেল ডেস্ক: মহানগৰীৰ সেউজীয়াবোৰ এদিন ইতিহাস হৈ পৰিব৷ আৰু তাৰেই আখৰা চলিছে পূৰ্ণগতিত৷ ফ্লাইঅ’ভাৰ নিৰ্মাণৰ নামত এফালৰ পৰা তহিলং কৰা হৈছে গছ-গছনি৷ সামাজিক সংগঠনৰ বাধা নেওচিও ৰাজ্য চৰকাৰখন থমকি ৰোৱা নাই গছ কাটিবলৈ৷ বনানীকৰণ ধ্বংস কৰি অম্লজানৰ উৎস নোহোৱা কৰা চৰকাৰখনে পৰিবেশ সংৰক্ষণৰ বাবে গ্ৰহণ কৰা নাই কোনোধৰণৰ বাস্তৱিক বিজ্ঞানসন্মত সিদ্ধান্ত৷

    শেহতীয়াকৈ দীপৰ বিলৰ পক্ষী অভয়াৰণ্যৰ মৰ্যাদা আঁতৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল অসম চৰকাৰে৷ আৰু এইবাৰ প্ৰকৃতিবিৰোধী সিদ্ধান্ত গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰোষত পৰিছে অসম চৰকাৰ৷ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰা এটা বলিষ্ঠ সিদ্ধান্তই প্ৰকৃতিপ্ৰেমী জনতাক সকাহ প্ৰদান কৰিলে৷ ন্যায়ৰ পক্ষত অৱস্থান গ্ৰহণ কৰা জনতাৰ বাবে আশাৰ পোহৰ হৈ পৰিছে ভাৰতীয় ন্যায়পালিকা৷ গুৱাহাটী উচ্চ ন্যায়ালয়েও আজি দেখুৱালে নিদৰ্শন৷ দীপৰ বিলৰ পক্ষী অভয়াৰণ্যৰ মৰ্যাদা আঁতৰোৱাৰ বিৰুদ্ধে স্থগিতাদেশ জাৰি কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৈ আৰু ন্যায়াধীশ সুমন শ্যামৰ বিচাৰপীঠে দিয়ে এই নিৰ্দেশনা৷ কোনোকাৰণতে দীপৰ বিলৰ অভয়াৰণ্যৰ মৰ্যাদা আঁতৰাব নোৱাৰিব চৰকাৰে৷

    উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ৰাজ্য চৰকাৰে কেবিনেটযোগে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰে৷ দীপৰ বিলৰ সমান্তৰালকৈ পবিতৰা অভয়াৰণ্যৰ মৰ্যাদা আঁতৰোৱাৰ সিদ্ধান্ত লৈছিল চৰকাৰে৷ অৱশ্যে পবিতৰাৰ ক্ষেত্ৰত ইতিমধ্যে উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছিল৷ ইয়াৰ পাছতে শুকুৰবাৰে দীপৰ বিলৰ ক্ষেত্ৰত এই স্থগিতাদেশ জাৰি কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷