ডিজিটেল ডেস্কঃ ৯ অক্টোবৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় বন্যজীৱ পৰিষদৰ স্থায়ী সমিতিয়ে অসমৰ যোৰহাট জিলাৰ দিচৈ উপত্যকা সংৰক্ষিত বনাঞ্চল আৰু হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰিৱেশ সংবেদনশীল অঞ্চলত ৪.৪৯৯৮ হেক্টৰ এলেকাত খনিজ তেল আৰু গেছ অন্বেষণৰ বাবে খননৰ প্ৰস্তাৱৰ সিদ্ধান্ত পিছুৱাই দিয়ে।
প্ৰস্তাৱটোত চিনাক্ত কৰা খনিজ তেল অন্বেষণ অঞ্চলসমূহ হাতী ভূখণ্ডৰ মাজমজিয়াত অৱস্থিত, যি হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ পৰিৱেশ সংবেদনশীল অঞ্চল হিচাপে পৰিচিত। এই প্ৰস্তাৱ ৰাষ্ট্ৰীয় বন্যজীৱ পৰিষদৰ স্থায়ী সমিতিয়ে নাকচ কৰাৰ মুখ্য কাৰণ সমূহ হ’ল-
ক) সংমণ্ডল বন বিষয়াই ৯ এপ্ৰিল, ২০২৪ তাৰিখে কৰা ক্ষেত্ৰ পৰিদৰ্শন অনুসৰি প্ৰস্তাৱিত স্থান আৰু ইয়াৰ আশে-পাশে সঘনাই হাতীৰ চলাচল (গোবৰ আৰু ভৰিৰ ছাপ)ৰ প্ৰমাণ পোৱা গৈছে।
খ) প্ৰধান বন সংৰক্ষকে (বন্যপ্ৰাণী) ২০২৪ চনৰ ২৭ আগষ্টত অনুষ্ঠিত কৰা বৈঠক অনুসৰি বন পৰামৰ্শদাতা সমিতিয়ে মত প্ৰকাশ কৰে যে প্ৰস্তাৱিত তেল অন্বেষণৰ স্থানসমূহত হাতী আৰু গিবন বান্দৰকে ধৰি অন্যান্য বন্যপ্ৰাণীৰ উল্লেখযোগ্য উপস্থিতি আছে। বৈঠকৰ কাৰ্য্যবিৱৰণী অনুসৰি এই প্ৰস্তাৱিত উদ্যোগসমূহ প্ৰদূষণকাৰী ৰেড শ্ৰেণীত (Red category) পৰে। হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ পৰিৱেশ সংবেদনশীল অধিসূচনা আৰু বন মন্ত্ৰালয়ে ৯.২.২০১১ তাৰিখে জাৰি কৰা নিৰ্দেশনা অনুসৰি প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ (পানী, বায়ু, মাটি, শব্দ আদি) এই অঞ্চলত স্থাপন কৰা নিষিদ্ধ।
গ) প্ৰদূষণকাৰী উদ্যোগসমূহৰ বাবে ভৱিষ্যতে দিচৈ উপত্যকা বনাঞ্চলৰ সমগ্ৰ পৰিৱেশ-ব্যৱস্থা ভাবুকিৰ সন্মুখীন হ’ব। অঞ্চলটোত মানুহ-হাতী সংঘাত বৃদ্ধি পোৱা দেখা গৈছে। আৰু যদি পৰিৱেশ সংবেদনশীল অঞ্চলত প্ৰদূষণকাৰী উদ্যোগ এটা গঢ়ি উঠে, তেন্তে মানুহ-জীৱজন্তুৰ সংঘাত বহুগুণে বৃদ্ধি পাব যাৰ ফলত মানুহ আৰু জীৱজন্তুৰ প্ৰাণৰ ক্ষতি হ’ব।
ঘ) ইয়াৰ উপৰিও অন্যতম গুৰুত্বপূৰ্ণ নদী ভোগদৈ, যাক দিচৈ বুলিও কোৱা হয়, এই অৰণ্যসমূহৰ মাজেৰে পাৰ হৈ যায়, য’ত খনিজ তেল অন্বেষণৰ কামৰ পৰিকল্পনা কৰা হৈছে। এনে প্ৰদূষণকাৰী উদ্যোগে হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্য আৰু দিচৈ উপত্যকাৰ সংৰক্ষিত বনাঞ্চলৰ সংলগ্ন স্থানত থকা মানুহ আৰু জীৱ-জন্তুক পুষ্টি প্ৰদান কৰা জলভাগৰ ক্ষতি কৰিব।
ঙ) অভয়াৰণ্যৰ পৰিৱেশ-সংবেদনশীল অঞ্চলত ৰেলৱে বিদ্যুৎকৰণ আৰু/বা অন্বেষণমূলক খননৰ সৈতে জড়িত ওপৰৰ প্ৰস্তাৱসমূহৰ ওপৰত প্ৰকল্প ৰূপায়ক বা কোনো চৰকাৰী সংস্থাৰ কোনো ৰাজহুৱা শুনানি হোৱা নাই।
আজি ১৫ নৱেম্বৰ তাৰিখে যোৰহাটৰ এটা স্থানীয় অংশীদাৰকাৰী দলে ডিএফঅ’ ৰ সহযোগত পৰিৱেশবিদ ডঃ সুকুমাৰৰ নেতৃত্বত অহা ক্ষেত্ৰ পৰিদৰ্শনকাৰী দলৰ লগত সৌহাদ্যমুলক সাক্ষাৎ কৰে। অংশীদাৰকাৰী দলটোত আছিল যোৰহাটৰ বিশিষ্ট বিজ্ঞানী ডঃ পিনাকী সেনগুপ্ত, উদীয়মান পৰিৱেশ কৰ্মী প্ৰাৰ্থনা বৰদলৈ আৰু দিচৈ অভায়াৰণ্যৰ সংলগ্ন অঞ্চলৰ বাসিন্দা শ্যামল মুণ্ডা। তেওঁলোকে পৰিৱেশবিদ ডঃ ৰমন সুকুমাৰৰ নেতৃত্বত অহা ক্ষেত্ৰ পৰিদৰ্শনকাৰী দলক তৈল খননে অভয়াৰণ্যৰ লগতে ইয়াৰ আশে পাশে থকা অঞ্চলৰ প্ৰতি নমাই অনা ভাবুকিসমুহ সবিস্তাৰে ব্যক্ত কৰি ৰাষ্ট্ৰীয় বন্যজীৱ পৰিষদৰ স্থায়ী সমিতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। ইয়াৰ লগতে গিবন অভয়াৰণ্যৰ মাজেৰে যোৱা ৰেলপথৰ বৈদ্যুতিকীকৰণৰ বিষয়টোৰ বিষয়েও অৱগত কৰে। ডঃ সুকুমাৰে পৰিৱেশ সুৰক্ষাৰ প্ৰতি ইতিবাচক দৃষ্টিভংগীৰে আলোচনাত ভাগ লয়।কিন্তু ইয়াৰ পূৰ্বে বহু স্থানীয় ব্যক্তি তথা সাংবাদিক গিবন অভয়াৰণ্যত ক্ষেত্ৰ পৰিদৰ্শনকাৰী দলক লগ কৰিবলৈ লৈ আছিল যদিও তেওঁলোকে কাকো সাক্ষাৎ নকৰিলে। এনেদৰে স্থানীয় ৰাইজৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নকৰাকৈ তলে তলে সকলো কাম বন বিভাগে চলাই যোৱাত যোৰহাটৰ স্থানীয় ৰাইজে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।
Leave A Comment