ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা। ভেটাপাৰাৰ ৰাজপথত এগৰাকী যুৱতীক আক্ৰমণ যুৱকৰ। ছুৰিকাঘাত কৰি যুৱতীগৰাকীক গুৰুতৰভাৱে আহত কৰে যুৱকজনে। ভেটাপাৰাৰ গোল্ডেন পথত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে।
ৰাজপথেৰে যুৱতীগৰাকী খোজকাঢ়ি আহি থকা অৱস্থাত এই ভয়ংকৰ ঘটনা সংঘটিত হয়। যুৱতীগৰাকীক ছুৰীৰে আক্ৰমণ কৰি যুৱকজনে পলোৱাৰ চেষ্টা কৰে।
সংকটজনক অৱস্থাত যুৱতীগৰাকীক GMCHত ভৰ্তি কৰোৱা হৈছে। ৰাইজে খেদি খেদি আটক কৰে যুৱকজনক। আক্ৰমণকাৰী যুৱকজন আজুল হক বুলি জানিব পৰা গৈছে।
দাস উপাধিৰ ভূক্তভোগী যুৱতীগৰাকীৰ বয়স ২২ বছৰ। অতি সংকটজনক অৱস্থাত আছে যুৱতীগৰাকী।
ইতিমধ্যে, হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আক্ৰমণকাৰী যুৱক আজুল হকক। যুৱতীগৰাকীৰ ডিঙি চেপি হত্যাৰো চেষ্টা চলাইছিল আজুল হকে। এখন বাইকত আহিছিল যুৱকজন।
বাইকখন আঁতৰত ৰাখি যুৱতীগৰাকীক অনুসৰণ কৰিছিল আজুলে। যুৱতীগৰাকী ওচৰ পোৱাৰ লগে লগে পকেটৰ পৰা এখন ছুৰী উলিয়াই যুৱতীগৰাকীৰ ডিঙিত উপৰ্যুপৰি আক্ৰমণ কৰে।
স্থানীয় লোক আৰু আৰক্ষীকো প্ৰহাৰ কৰে ধৃত আজুল হকে।
Leave A Comment