ডিজিটেল ডেস্কঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত অঘটন। ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ চতুৰ্থ মহলাৰ পৰা জঁপিয়ালে এজন ৰোগীয়ে। এই ঘটনাত ৰোগীগৰাকীৰ কৰুণ মৃত্যু ঘটিছে।
ৰোগীজনে চৰম সিদ্ধান্ত লোৱাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আজি পুৱা সংঘটিত হয় এই কৰুণ ঘটনা। ৰোগীগৰাকীৰ নাম নিখিল চন্দ্ৰ সৰকাৰ। ৩ দিন পূৰ্বে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত ভৰ্তি হৈছিল লোকজন।
কেইবামাহো ধৰি কৰ্কট ৰোগত ভুগি আছিল নিখিল চন্দ্ৰ সৰকাৰ। পুৱাৰ ভাগত পুত্ৰ আৰু পত্নীৰ সৈতে আছিল ৰোগীজন।
আত্মহননৰ সময়ত পুত্ৰ আৰু পত্নী নাছিল ওচৰত। পুত্ৰই দোকানলৈ গৈছিল সেই সময়ত।
ৰেডিঅ’লজী বিভাগত চিকিৎসাধীন হৈ আছিল নিখিল৷ ৰোগী জনৰ বয়স ৮১ বছৰ৷ ঘৰ লামডিঙত৷
Leave A Comment