ডিজিটেল ডেস্কঃ যুৱ প্ৰতিভা বিদ্যাশ্ৰী শইকীয়াৰ ব্যতিক্ৰমী চিন্তাৰ ফচল "Assam Reads"। যাৰ লক্ষ্য হৈছে নৱ প্ৰজন্মৰ মাজত কিতাপ পঢ়া তথা গ্ৰন্থ অধ্যয়নৰ জনপ্ৰিয়তা আৰু প্ৰৱণতা বৃদ্ধি কৰা, যুৱ চিন্তাৰ আদান- প্ৰদান আৰু অসমৰ বিভিন্ন ঠাইৰ চুকে-কোণে থকা যুৱ পঢ়ুৱৈসকলক সংগঠিত কৰি ৰখা। ইয়াৰ কৰ্মসূচীসমূহৰ অন্যতম হৈছে সাপ্তাহিক অধ্যয়ন।
যাৰ অধীনত প্ৰত্যেক সপ্তাহৰ দেওবাৰৰ দিনটোত পুৱা অথবা বিয়লিভাগত দুঘণ্টাকৈ কোনো নিদিষ্ট স্থানত স্থানীয় যুৱ পঢ়ুৱৈসকলে কিতাপ পঢ়িব। অধ্যয়নৰ সময়ত তেওঁলোক মোবাইল ফোন অথবা ডিজিটেল সা-সামগ্ৰীৰ পৰা আতঁৰি থাকিব। পঢ়াৰ অন্তত যুৱ পঢ়ুৱৈসমাজৰ মাজত সৃষ্টিশীল চিন্তাৰ আদান-প্ৰদান হ'ব।
Assam Readsৰ দ্বিতীয় কৰ্মসূচী হৈছে কিতাপ পঢ়াৰ মাধ্যমেৰে ন যুৱ লেখাৰুৰ মাজত লিখাৰ দক্ষতা বৃদ্ধি কৰা। তেওঁলোকক উৎসাহ জনাবলৈ নৱ যুৱলেখকসকলৰ লেখাসমূহ Assam Reads ৰ সামাজিক মাধ্যমত প্ৰকাশ কৰা হ'ব। পৰৱৰ্ত্তী সময়ত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ মাজতো এই অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ পৰিধি সম্প্ৰসাৰণ কৰা হ'ব। বছেৰেকত ২টা দিনত কোনো দুখন গাওঁ নিৰ্বাচন কৰি কিতাপ পঢ়াৰ অভ্যাস সকলোৰে মাজত গঢ়ি তুলাৰ প্ৰচেষ্টা লোৱা হ'ব।
ইয়াৰ প্ৰথম কাৰ্যসূচী ৰূপে ৭/১১/২০২৪ তাৰিখে ডিব্ৰুগড় জিলাৰ জালান বাগান ষ্টেডিয়ামত ইয়াৰ শুভাৰম্ভ কৰা হয়। আৰু দ্বিতীয়তো অনুষ্ঠান টাই আহোম সাংস্কৃতিক আৰু শিক্ষা কেন্দ্ৰত হয়। ১০/১১/২০২৪, দেওবাৰে গোলাঘাট জিলাটো ইয়াৰ শুভাৰম্ভণি হয়। গোলাঘাট নগৰৰ ৰবীন বেনাৰ্জী মিউজিয়ামত স্থানীয় সচেতন ব্যক্তি, যুৱক- যুৱতীৰ উপস্থিতিত প্ৰথমটো অনুষ্ঠান সফল সমাপ্তি হয়। আগন্তুক দিনত প্ৰত্যেক জিলাতে ধাৰাবাহিকভাৱে এই অনুষ্ঠানসমূহ অনুষ্ঠিত হৈ যাব।
Leave A Comment