ডিজিটেল ডেস্কঃ গুৱাহাটীত মৰ্মান্তিক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুজনকৈ যুৱক-যুৱতীয়ে। মহানগৰীত দেওবাৰে নিশা ছুপাৰ মাৰ্কেটৰ উৰণ সেতুত ভয়ংকৰ দুৰ্ঘটনা। দ্ৰুতবেগী বাহনে মহটিয়াই নিলে ৰেপিড’ চালক আৰু ৰেপিড’ত উঠি অহা এগৰাকী যুৱতীক।
দুৰ্ঘটনাত থিতাতে মৃত্যু হয় এজন ৰেপিড চালকজনৰ। আনফালে GMCHলৈ নিয়াৰ পথতে মৃত্যুক আঁকোৱালি লয় যুৱতীগৰাকীয়ে।
মৃত যুৱকজন নলবাৰীৰ ৰঞ্জিত ৰাজবংশী আৰু যুৱতীগৰাকীৰ নাম প্ৰিয়া সোণাৰ। যুৱতীগৰাকীৰ ঘৰ লাংমডিঙত।
গুৱাহাটীত ৰেপিড’ চলাই জীৱন নিৰ্বাহ কৰিছিল মৃত যুৱক ৰঞ্জিত ৰাজবংশীয়ে। AS-01BU-7601নম্বৰৰ বাইক চলাই আহিছিল যুৱকজনে।
দুয়োখন ঘৰতে এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। দুখত ভাগি পৰিছে পৰিয়াল। হঠাতে অহা মৃত্যুৰ এনে অনাকাংক্ষিত খবৰে অঞ্চলবাসীক শোকস্তব্ধ কৰি তুলিছে।
ৰেপিড’ চলাই নিজৰ লগতে পৰিয়ালটো চলাইছিল ৰঞ্জিতে। এইবাৰ বিহুত ঘৰত গৈ ভনীয়েকৰ বিয়াৰ যোগাৰ কৰা কথা আছিল ৰঞ্জিতৰ। নলবাৰীৰ চাপ্লোঁকুচিত ঘৰ ৰঞ্জিতৰ। কৰ্মসূত্ৰে গুৱাহাটীৰ বেলতলাত বাস কৰে।
মাঘ বিহুত ঘৰলৈ আহি একেলগে বিহু উদযাপন কৰা কথা আছিল ৰঞ্জিতৰ। ৩ বছৰ ধৰি গুৱাহাটীত ৰেপিড’ চলাই আছিল ৰঞ্জিত ৰাজবংশীয়ে।
ৰঞ্জিতৰ জ্যেষ্ঠ ভাতৃয়ে কয় যে নিশা প্ৰায় ৯.৪৫ বজাত তেওঁলৈ ফোনত খবৰ আহিছিল ভায়েকৰ দুৰ্ঘটনাৰ কথা। ভায়েক ৰঞ্জিতৰ মৃতদেহৰ কাষৰেই পাৰ হৈ গৈছিল ককায়েক।
নিজ ভাতৃৰ দুৰ্ঘটনা প্ৰত্যক্ষ কৰিও অনুমান কৰিব পৰা নাছিল সেয়া নিজ ভাতৃৰ দুৰ্ঘটনা। পাছতহে গম পাইছিল জ্যেষ্ঠ ভাতৃয়ে।
নিশা ৰেপিড' চলাই আহি দুই ভাতৃয়ে মাংসৰে এসাঁজ ভাত খোৱাৰ কথা আছিল। ৰঞ্জিত ৰাজবংশীয়ে ভনীয়েকৰ বিয়াৰ বাবে দিনে নিশাই চলাইছিল ৰেপিড'।
Leave A Comment