ডিজিটেল ডেস্কঃ গুৱাহাটীত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু যুৱক-যুৱতীৰ৷ মহানগৰীত দেওবাৰে নিশা ছুপাৰ মাৰ্কেটৰ উৰণ সেতুত ভয়ংকৰ দুৰ্ঘটনা। দ্ৰুতবেগী বাহনে মহটিয়াই নিলে ৰেপিড চালক আৰু ৰেপিডত উঠি অহা এগৰাকী যুৱতীক।
দুৰ্ঘটনাত থিতাতে মৃত্যু হয় এজন ৰেপিড চালকজনৰ। আনফালে GMCHলৈ নিয়াৰ পথতে মৃত্যুক আঁকোৱালি লয় যুৱতীগৰাকীয়ে।
মৃত যুৱকজন নলবাৰীৰ ৰঞ্জিত ৰাজবংশী বুলি জানিব পৰা গৈছে আৰু যুৱতীগৰাকীক প্ৰিয়া সোণাৰ বুলি চিনাক্ত কৰা হৈছে।
যুৱতীগৰাকীৰ ঘৰ লাংমডিঙত। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আছিল ২৫ বছৰীয়া প্ৰিয়া সোণাৰ।
গুৱাহাটীত ৰেপিড’ চলাই জীৱন নিৰ্বাহ কৰিছিল মৃত যুৱক ৰঞ্জিত ৰাজবংশীয়ে। AS-01BU-7601নম্বৰৰ বাইক চলাই আহিছিল যুৱকজনে।
দুয়োখন ঘৰতে এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। দুখত ভাগি পৰিছে পৰিয়াল। হঠাতে অহা মৃত্যুৰ এনে অনাকাংক্ষিত খবৰে অঞ্চলবাসীক শোকস্তব্ধ কৰি তুলিছে।
Leave A Comment