• প্ৰেমৰ সংঘাত! গুৱাহাটীত চুৰীৰে হানি-খুচি যুৱতীক হত্যাৰ চেষ্টা বিবাহিত প্ৰেমিকৰ

    আঞ্চলিক
    প্ৰেমৰ সংঘাত! গুৱাহাটীত চুৰীৰে হানি-খুচি যুৱতীক হত্যাৰ চেষ্টা বিবাহিত প্ৰেমিকৰ
    ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মহানগৰীৰত পুনৰ সংঘটিত হ’ল চুৰিকাঘাটৰ ঘটনা।

    নিশা এগৰাকী যুৱতীক চুৰীৰে হানি-খুচি হত্যাৰ অপচেষ্টা চলায় এজন যুৱকে। হাতীগাঁৱৰ বিষ্ণুজ্যোতি পথৰ উপ-পথ নং-৩ত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

    হাতীগাঁও আৱাহন পথৰ হাউচ নম্বৰ- ৮ত যোৱা প্ৰায় ৫ মাহ ধৰি ভাড়াতীয়া হিচাপে আছিল বড়ো উপাধিধাৰী এগৰাকী যুৱতী। গুৱাহাটীত এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত যুৱতীগৰাকী। যুৱতীগৰাকীৰ প্ৰেমৰ সম্পৰ্ক আছিল বিকাশ ডেকা নামৰ এগৰাকী বিবাহিত যুৱকৰ সৈতে। 

    বিবাহিত হোৱাৰ স্বত্বেও উৰ্মিলাৰ লগত প্ৰেমৰ সম্পৰ্ক বৰ্তাই ৰাখিবলৈ বিচাৰিছিল বিকাশে। কিন্তু পাছলৈ উৰ্মিলা অমান্তি আছিল এই ক্ষেত্ৰত। লাহে-লাহে দুয়োৰে মাজত সংঘাত আৰম্ভ হয়।

    যুৱতীগৰাকীয়ে শেহতীয়াকৈ অন্য এজন যুৱকৰ লগত লিভ-ইনত থকা আৰম্ভ কৰে। সেই ক্ষোভতে বিকাশ ডেকাই যুৱতীগৰাকীক হত্যাৰ চেষ্টা চলায়।

    ঘৰৰ পৰা ওলাই বজাৰ কৰিবলৈ যাঁওতেই বিকাশে চুৰিৰে আঘাত কৰে যুৱতীগৰাকীক। শুকুৰবাৰে নিশা প্ৰায় ৯ বজাত সংঘটিত হয় এই ঘটনা। 

    যুৱতীগৰাকীৰ দেহৰ কেইবাটাও স্থানত চুৰিৰে উপৰ্যুপৰি আঘাত কৰে বিকাশে। আক্ৰমণ কৰিয়ে বিকাশে সেই স্থানৰ পৰা পলায়ন কৰে। পলাতক আক্ৰমণকাৰী যুৱকজনক ফটাশিল আমবাৰীৰ পৰা খেদি খেদি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় হাতীগাঁও আৰক্ষী।

    বিকাশ ডেকাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি হাতীগাঁও আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। GMCHত চিকিৎসাধীন হৈ আছে যুৱতীগৰাকী।

    যুৱতীগৰাকীৰ ঘৰ ঢেকিয়াজুলীত আৰু যুৱকজনৰ ঘৰ বাইহাটা চাৰিআলিত।