ডিজিটেল ডেস্কঃ সুখ নাই সুখ নাই কতো ধৰুৱাৰ৷ ধৰুৱাৰ সুখ কতো নাই বুলি কবিয়ে কৈ গৈছে৷ সময়ে সময়ে যেন সেই কথা বাস্তৱত পৰিণত হয়, কিছুমান ঘটনাই সেই কথা প্ৰমাণ কৰি আহিছে। ধাৰৰ বাবেই শেষ হৈছে বহুতৰ সংসাৰ। ধাৰৰ বাবেই শেষ কৰিছে বহুতে নিজ জীৱন।
শেহতীয়াকৈ মহানগৰীত সংঘটিত হৈছে এক কৰুণ ঘটনা। মহানগৰী বামুণীমৈদামৰ অনুৰাধা কলনীৰ ৰেল গেটৰ সমীপত আজি পুৱা উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ।
তদন্তৰ অন্তত মৃতদেহটো চিনাক্ত হয়। মৃত যুৱকজন হৈছে মহানগৰীৰ জ্যোতিনগৰৰ বাসিন্দা নিতুল নাথ(৩৯)।
পেছাত নিতুল নাথ এজন ফটোগ্ৰাফাৰ আছিল। অবিবাহিত নিতুল নাথৰ বহু টকাৰ ঋণ আছিল।
ঋণৰ বোজা সহিব নোৱাৰি নিতুল নাথে ৰে’লৰ আগত জপিয়াই আত্মহত্যা কৰে।
উল্লেখ্য যে, জ্যোতিনগৰৰ বাসিন্দা নিতুল নাথে আজি পুৱা ৮:৩০ বজাত নিজৰ এ এছ ০১-এফ এন- ৫২২০ নম্বৰৰ স্কুটিৰে অনুৰাধা কলনীৰ ৰে’ল গেটৰ সমীপলৈ আহে।
অনুৰাধা কলনীৰ ৰে’ল গেটৰ সমীপত স্কুটিখন পাৰ্কিং কৰি নিতুল নাথে উজনিমুৱা মালবাহী ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা কৰে। পিছত ৰে’ল আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচ লৈ প্ৰেৰণ কৰে।
Leave A Comment