মহানগৰীত প্ৰাক্তন DSP ৰ বৰ্বৰতা! হাতত টৰ্চ লৈ ভাড়াতীয়া মহিলাক প্ৰহাৰ
ডিজিটেল ডেস্কঃ পুনৰ মহানগৰীত প্ৰাক্তন DSP ৰ বৰ্বৰতা। প্ৰাক্তন শীৰ্ষ আৰক্ষী বিষয়াই ভাড়াতীয়াক মাৰপিতৰ গুৰুতৰ অভিযোগ।
শাৰীৰিক প্ৰহাৰৰ কৰাৰ লগতে গুলিয়াই প্ৰাণে মৰাৰো ভাবুকি ভাড়াতীয়াক।
হাতীগাঁৱত সংঘটিত হৈছে এই ঘটনা। ভাড়াতীয়াৰ ঘৰত আলহী অহাক কেন্দ্ৰ কৰি প্ৰথমে ঘৰৰ মালিক শুকুৰ আলিৰ বাক বিতণ্ডা।
তাৰ পাছত হাতত টৰ্চ লৈ শাৰীৰিক প্ৰহাৰ ভাড়াতীয়া মহিলাক।
ঘটনা সন্দৰ্ভত ভাড়াতীয়া মহিলাগৰাকীয়ে হাতীগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ঘৰৰ মালিক শুকুৰ আলিৰ বিৰুদ্ধে।
এই মুহূৰ্তলৈ আৰক্ষীয়ে অভিযুক্ত প্ৰাক্তন আৰক্ষী বিষয়া শুকুৰ আলিৰ বিৰুদ্ধে গোচৰ ৰুজু নকৰাৰ অভিযোগ।
Leave A Comment