• তিনিটাকৈ আশ্ৰয় শিবিৰ স্থাপন বানাক্ৰান্ত মহানগৰবাসীৰ বাবে...

    আঞ্চলিক
    তিনিটাকৈ আশ্ৰয় শিবিৰ স্থাপন বানাক্ৰান্ত মহানগৰবাসীৰ বাবে...
    ডিজিটেল ডেস্ক : জলমগ্ন মহানগৰত এতিয়া স্থাপন কৰিব লগা হৈছে আশ্ৰয় শিবিৰো৷ এজাক বৰষুণে উটোৱাই নিলে মহানগৰীৰ আভিজাত্য৷ ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানত মহানগৰৰ বহু লোক এতিয়া বানাক্ৰান্ত৷ প্ৰশাসনে বানাক্ৰান্তৰ বাবে স্থাপন কৰিছে আশ্ৰয় শিবিৰ। 

    কৃত্রিম বানৰ বাবে গুৱাহাটীত তিনিটা আশ্ৰয় শিবিৰ 
    ১. ভঙাগড়ৰ ৰাষ্ট্ৰসভা প্ৰভাকৰ হিন্দী বিদ্যালয়
    ২. কেন্দুগুৰী এলপি স্কুল - বোন্দা
    ৩. চান্দমাৰি বৈদিক স্কুল (ভূমিস্খলনৰ বাবে)

    মহানগৰীৰ বিভিন্ন স্থানৰ লগত সমান্তৰালকৈ নাৰেংগী অঞ্চলত বানাক্রান্ত লোকৰ বাবেও নাৰেঙ্গীৰ কেন্দুগুৰি প্ৰাথমিক বিদ্যালয়টো স্থাপন কৰা হৈছে আশ্ৰয় শিবিৰ। আশ্ৰয় শিবিৰত থকা বানাক্ৰান্তক খাদ্য যোগান ধৰে ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগে। সমাজ কল্যাণ বিভাগৰ নুনমাটি শিশু উন্নয়ন প্ৰকল্প কাৰ্য্যালয়ৰ পৰা যোগান ধৰা হৈছে খাদ্য।  আশ্ৰয় শিবিৰটোত নাৰেংগী অনুকূল বস্তিৰ প্ৰায় ৪৫০ লোকক মঙলবাৰৰ পৰা খাদ্যৰ যোগান ধৰা হয়।



    ইপিনে কৃত্ৰিম বানৰ মাজতে গুৱাহাটীত মৃতদেহ উদ্ধাৰ কৰা হয়৷  হাতীগাঁৱৰ অশোক পথৰ নলাত ওলাল মৃতদেহ৷ জানিব পৰা মতে, সুৰক্ষাকৰ্মী হিচাপে কৰ্মৰত আছিল লোকজন৷ বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই মৃতদেহৰ পৰিচয়৷