ডিজিটেল ডেস্কঃ নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা ভূমিস্খলনৰ বিধ্বংসী ৰূপত মহানগৰীত হাহাকাৰ।
ধাৰাষাৰ বৰষুণত চপৰা-চপৰে খহিছে পাহাৰৰ মাটি। ভূমিস্খলনে মাতি আনিছে মৃত্যুৰ কিৰিলি।
বৰষুণ আৰু ভূমিস্খলনে প্ৰাণ লৈছে নিৰীহৰ। স্থবিৰ কৰি থৈ গ'ল মহানগৰীৰ বহু জীৱন
গুৱাহাটীত কৃত্ৰিম বান বিভীষিকা দেখিবলৈ পোৱা গৈছে। ধাৰাষাৰ বৰষুণৰ পাছত মহানগৰীৰ আশে পাশে থকা কেইবাখনো পাহাৰে লৈছে বিধ্বংসী ৰূপ। খাৰঘুলি, ভঙাগড়, শান্তিপুৰ আদি বিভিন্ন স্থানত ভূমিস্খলনৰ আতংক। আদিংগিৰি, নুনমাটিটো পাহাৰ খহাৰ শংকা।
তাৰ মাজতে ভূমিস্খলনৰ সংহাৰী ৰূপত গুৱাহাটীৰ বিভিন্ন স্থানৰ আহিছে মৃত্যুৰ খবৰ। বৰ্তমান পৰ্যন্ত মহানগৰীত ৫ গৰাকী লোকৰ মৃত্যুৰ খবৰে সৃষ্টি কৰিছে আতংকৰ পৰিৱেশ। ভূমিস্খলনত চপাইদঙৰ দৈমুগুৰিত প্ৰাণ হেৰুৱালে মাতৃ-কন্যাই। নিহত হ'ল পুনম গোস্বামী আৰু কন্যা নীলাক্ষী গোস্বামী। দুয়ো আছিল মাতৃ-কন্যা। মাতৃ কন্যাৰ লগতে ৫ বছৰীয়া ৰঞ্জিতা বড়ো নামৰ আন এটি শিশুৰ মৃত্যু।
দঁতালপাৰাত কিশোৰ দীপজ্যোতি বড়োৰ কৰুণ মৃত্যু। ভূমিস্খলনত দীপজ্যোতি বড়োৰ জ্যেষ্ঠ ভগ্নী আহত
গুৱাহাটীৰ মালিগাঁৱত ভূমিস্খলনত নিহত এজন। ভূমিস্খলনত আহত ৰবীন দাসৰ চিকিৎসালয়তে মৃত্যু।
বৰ্তমান পৰিস্থিতিত যিকোনো মুহূৰ্তত পাহাৰীয়া অঞ্চলত অঘটন ঘটাৰ আশংকা। SDRF আৰু আৰক্ষীয়ে ক্ষতিগ্ৰস্ত এলেকাত চলাইছে উদ্ধাৰ অভিযান। প্ৰশ্ন হয় প্ৰতিবছৰৰ দৰে এইবাৰো ভূমিস্খলন প্ৰৱণ এলেকা চিনাক্ত কৰিয়েই নিজৰ দায়িত্ব সামৰিব নেকি প্ৰশাসনে ? নে ল'ব সমস্যা সমাধান যথোপযুক্ত ব্যৱস্থা?
Leave A Comment