• কৃত্ৰিম বানত গুৱাহাটীত জটিল পৰিস্থিতি

    আঞ্চলিক
    কৃত্ৰিম বানত গুৱাহাটীত জটিল পৰিস্থিতি
    ডিজিটেল ডেস্কঃ অব্যাহত থকা মুষলধাৰ বৰষুণৰ ফলত মহানগৰৰ বিভিন্ন স্থানত কৃত্রিম বানৰ সৃষ্টি হয়। মুষলধাৰ বৰষুণৰ পাছতেই আমবাৰী, চানমাৰী, উলুবাৰী, গান্ধীবস্তি, অনিল নগৰ, নবীন নগৰ, তৰুণ নগৰ, জু ৰ'ড, ৰুক্মিণীগাঁও, খানাপাৰা, নাৰেংগী, হাতীগাঁও, ভেটাপাৰা, জি এছ ৰ'ড, ছয়মাইল, মালিগাঁও, ফটাশিল আমবাৰী, ছার্ভে, কাহিলিপাৰা, যোৰাবাট, বেলতলা ইত্যাদি বিভিন্ন অঞ্চলত কৃত্রিম বানৰ সৃষ্টি হয়। একাংশ ঠাইত একাঁঠু পর্যন্ত সৃষ্টি হোৱা পানীত বাহনসমূহ আবদ্ধ হৈ পৰাত পথত তীব্র যান-জঁটৰ সৃষ্টি হয়। 

    কৃত্রিম বানৰ ফলত স্কুল, কলেজৰ ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি ব্যৱসায়ী, চাকৰিয়াল সকলো সমস্যাত পৰে। পুৱাই স্কুল-কলেজ, কার্যালয়লৈ ওলাই অহা শিক্ষার্থী আৰু ৰাইজৰ গেলা বোকা-পানীৰ মাজত আলাই-আথানি অৱস্থাৰ সন্মুখীন হয়।

    ইফালে বৰষুণ মানেই যেন এতিয়া ৰুক্মিণীগাঁওবাসীৰ বাবে এক আতংকৰ বিষয়। কাৰণ বৰষুণৰ পাছতেই ৰুক্মিণীগাঁৱত এক অবর্ণনীয় পৰিৱেশৰ সৃষ্টি হয়। কৃত্রিম বানত অঞ্চলটোৰ বহু পথ-উপপথৰ লগতে বাসগৃহ পানীত ডুব যোৱাত বহু লোক একপ্ৰকাৰ গৃহবন্দীৰ দৰে হৈ পৰে। বিভাগীয় কর্তৃপক্ষই পাম্পেৰে অঞ্চলটোৰ পানী আঁতৰোৱাৰ ব্যৱস্থা কৰিছে যদিও বৰষুণ অধিক দিলে হ'ব পৰা বিপদৰ আশংকা কৰি কেইবাটাও পৰিয়ালক অন্য স্থানলৈ স্থানান্তৰ কৰা হৈছে।

    উল্লেখযোগ্য যে কেইবাবছৰৰ পূৰ্বেই অসম বিধানসভাত গুৱাহাটীৰ কৃত্রিম বান সন্দর্ভত সেই সময়ত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰীৰ দায়িত্বত থকা বৰ্তমানৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ১৩টা নতুন পদক্ষেপৰ কথা সদৰী কৰিছিল। বাহিনী নদীৰ গতিপথ আংশিকভাৱে সলনি কৰাৰ বাবে ৰুক্মিণীগাঁৱৰ পিবকো পইণ্টৰ পৰা শিলসাঁকোলৈ পথসহ নলা নির্মাণ, ছয়মাইলৰ পৰা চন্দন নগৰলৈ ভি আই পি বাঙৰ কাষত পকী আলা নির্মাণ সঞ্চালকাল সঞ্চালকালয়ৰ পাছফালৰ পৰা শিলসাঁকোলৈ পকী নলা নিৰ্মাণ, খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ চৌহদৰ পৰা বশিষ্ঠৰ দিছপুৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমীপৰ বশিষ্ঠ নদীলৈ নলা নির্মাণ, ওদালবাক্ৰাৰ পৰা ভৰলুলৈ পকী নলা নির্মাণ, বোন্দাৰ মাৰিয়া পাব্লিক স্কুলৰ সন্মুখত অৱস্থিত আৰু সাতগাঁও পথত অৱস্থিত দলঙৰ বহলীকৰণৰ বাবে ব্যৱস্থা গ্রহণ কৰা হ'ব বুলি তেওঁ কৈছিল।

    আনহাতে বোন্দা, ভৰলুমুখ আৰু লাচিত নগৰৰ বি টি কলেজ পথত নতুন পাম্পিং ষ্টেছন নিৰ্মাণ কৰা, গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ সমীপত পাম্পিং স্টেছন নিৰ্মাণ কৰা, গুৱাহাটী ৱাটাৰ বডিজ এক্ট, ২০০৭ত অন্তর্ভুক্তি নোহোৱা বোন্দাজান আৰু দিপৰ বিলৰ মাটিৰ দাগসমূহৰ অন্তর্ভুক্তি, গুৱাহাটীৰ নদীসমূহৰ পৰিষ্কাৰকৰণ, পুনৰ খনন আৰু গার্ডৱাল নিৰ্মাণ কৰাৰ লগতে প্ৰয়োজনীয় ঠাইত জাবৰ আৰু পলসৰ ফান্দ নির্মাণ আৰু নিষ্কাশনৰ ব্যৱস্থা, পাহাৰসমূহৰ পৰা নামি অহা মাটি আৰু আৱৰ্জনা সু-সংহতভাবে জমা কৰি বর্ধিত পানীভাগ নলাসমূহলৈ বোৱাই অনাৰ ব্যৱস্থা কৰা আৰু সৰুচলা, বৰচলা, শিলসাঁকো, পামহী আৰু দিপৰ বিলৰ পানীৰ বহন ক্ষমতা বর্ধিতকৰণ কৰাবৰ বাবেও পদক্ষেপ গ্রহণ কৰা হৈছে তেওঁ বলিসৰি মহানগৰাই সমগ্র নলা নর্দমাৰ মাটি আৰু আৱৰ্জনা নিষ্কাশন আৰু পৰিষ্কাৰকৰণৰ দায়িত্ব গুৱাহাটী পৌৰ নিগমক দিয়া হৈছিল। সময় বাগৰিল, কিন্তু মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰাৰ দৰে অধিকাংশ কামেই দায়িত্বশীল বিভাগে সম্পূর্ণ কৰিব নোৱাৰিলে। এনেদৰেই চৰকাৰ তথা বিভাগৰ গাফিলতিত কৃত্রিম বানৰ যন্ত্ৰণাৰ পৰা মুক্ত নহ'ল গুৱাহাটী মহানগৰ।

    উৎসঃ দৈনিক জনমভূমি