ডিজিটেল ডেস্কঃ নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা ভূমিস্খলনৰ বিধ্বংসী ৰূপত মহানগৰীত হাহাকাৰ। ধাৰাষাৰ বৰষুণত চপৰা-চপৰে খহিছে পাহাৰৰ মাটি। ভূমিস্খলনে মাতি আনিছে মৃত্যুৰ কিৰিলি।
মহানগৰীৰ দাতালপাৰাত ভয়ংকৰ ভূমিস্খলন। ইয়াৰ ফলত এজন কিশোৰৰ মৃত্যু হোৱাৰ লগতে একেটা পৰিয়ালৰ আটাইকেইজন চিকিৎসাধীন হৈ আছে।
কালি আবেলিৰ ভাগত পঢ়ি থকা সময়ত সমীপতে থকা ৰাজু বসুমতাৰীৰ গাৰ্ডৱাল খহি পৰে নমিতা বড়োৰ ঘৰৰ ওপৰত।
দেৱাল খহি পৰাৰ লগে লগে মৃত্যু হয় নমিতা বড়োৰ ১০ বছৰীয়া পুত্ৰ দীপজ্যোতি বড়োৰ। সংকটজনক অৱস্থাত জীয়ৰী টানিয়া বড়ো চিকিৎসাধীন হৈ আছে। আনহাতে মাতৃও চিকিৎসাধীন।
পিতৃহাৰা পৰিয়ালটোলৈ এতিয়া নামি আহিছে ঘোৰ সংকট। ধ্বংসস্তুপত পৰিণত আটাইকেইটা ঘৰ তথা সকলো সা-সামগ্ৰী।
এতিয়া নিমাওমাও পৰিৱেশ দশোদিশে। ঘটনাস্থলীত উপস্থিত আৰক্ষী, SDRF দল।
Leave A Comment