ডিজিটেল ডেস্ক : গুৱাহাটীত নাগৰিকৰ জীৱনৰ নাই কোনো নিৰাপত্তা। ইটোৰ পাছত সিটো শিহৰণকাৰী হত্যা, হত্যাৰ চেষ্টাৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। আজি পুনৰ এক পৰিকল্পিত ভয়ংকৰ আক্ৰমণৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে গুৱাহাটীত। আত্মীয় এজন লোকেই পৰিকল্পিকভাৱে একেটা পৰিয়ালৰ তিনিজন লোকক হত্যাৰ চেষ্টা চলোৱাৰ ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নৃশংস আক্ৰমণকাৰীয়ে তিনি দিনে দা ধাৰ কৰি ৰাখি আজি এই ভয়ংকৰ কাণ্ড সংঘটিত কৰে। এনে ভয়ংকৰ কাণ্ডক লৈ এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
গুৱাহাটীৰ বৰবাৰী আমতলীত আজি সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড৷ এজন লোকৰ আক্ৰমণত হাত হেৰুৱাবলগীয়া হৈছে দুজনকৈ লোকে৷ দক্ষিণৰ চিনেমাৰ শিহৰণকাৰী ঘটনাৰ দৰেই উপৰ্যুপৰি দাৰে ঘপিয়াই দিন-দুপৰতে একেটা পৰিয়ালৰে তিনিজনকৈ লোকক হত্যাৰ অপচেষ্টা চলালে এজন দুৰ্বৃত্তই৷
ঘটনাৰ বিৱৰণী অনুসৰি পুৱা প্ৰায় ৯:৩০ বজাত হঠাৎ হাতত চোকা দা এখন লৈ এজন দুৰ্বৃত্তই উপৰ্যুপৰি আক্ৰমণ কৰে অনিতা তেৰণ, অৰূপ তেৰণ আৰু সমীৰণ তেৰণক৷ এই আক্ৰমণত অনিতা তেৰণৰ বাঁও হাত আৰু সমিৰণ তেৰণৰ সোঁহাত ছিন্ন হৈ পৰে৷ লগতে গুৰুতৰভাৱে আহত হয় অনিতা তেৰণৰ স্বামী অৰূপ তেৰণ ৷ এই ঘটনাৰ পাছতে অঞ্চলটোত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ৷
স্থানীয় লোকৰ সহযোগত আঘাতপ্ৰাপ্ত তিনিওজনকে GMCHলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়৷ অতি সংকটজনক অৱস্থাত সম্প্ৰতি GMCHতে চিকিৎসাধীন হৈ আছে একেটা পৰিয়ালৰে তিনিওজন ভুক্তভোগী৷ আনহাতে ঘটনাস্থলীতে স্থানীয় লোকে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে আক্ৰমণকাৰী নিৰন তেৰণক৷ জানিব পৰা মতে ভুক্তভোগী লোককেইজনৰ খুৰাকৰ পুত্ৰ আছিল আক্ৰমণকাৰী নিৰণ তেৰণ৷
নিচাসক্ত এইজন দুৰ্বৃত্ত নিৰণ তেৰণে এই ঘটনাৰ বাবে তিনি দিন ধৰি দা ধাৰ কৰি আছিল বুলিও জানিব পৰা গৈছে৷ অভিযোগ অনুসৰি বিগত কিছুদিন ধৰি সীমা সমস্যাক কেন্দ্ৰ কৰি নিৰণে ভাবুকি দি আহিছিল ভুক্তভোগী অৰূপ, সমীৰণ আৰু অনিতাক৷ আৰু সেই ভাবুকিয়ে অৱশেষত ল'লে চৰম ৰূপ৷ ইতিমধ্যে আৰক্ষীয়ে পৰিদৰ্শন কৰিছে ঘটনা সংঘটিত হোৱা স্থান৷ সমান্তৰালকৈ আৰম্ভ কৰিছে এই ঘটনাৰ তদন্ত৷ আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে আক্ৰমণত ব্যৱহাৰ কৰা দাখনো জব্দ কৰিছে আৰক্ষীয়ে৷
Leave A Comment