• মহানগৰীত গাড়ীচালকৰ ৰূপত ডকাইতৰ সন্ত্ৰাস: আৰক্ষীৰ জালত ৫ দুৰ্ধৰ্ষ ডকাইত

    আঞ্চলিক
    মহানগৰীত গাড়ীচালকৰ ৰূপত ডকাইতৰ সন্ত্ৰাস: আৰক্ষীৰ জালত ৫ দুৰ্ধৰ্ষ ডকাইত
    ডিজিটেল ডেস্ক: মহানগৰীত গাড়ীচালকৰ বেশত ঘূৰি ফুৰিছে একাংশ ডকাইত! আৰক্ষীৰ জালত পৰা ৫ দুৰ্ধৰ্ষ ডকাইতৰ পৰিচয়ে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ৷ 

    মহানগৰীত গাড়ীচালকৰ ৰূপত সন্ত্ৰাস চলাইছে ডকাইতে৷ মঙলবাৰে নিশা জালুকবাৰীৰ ৰ’টাৰীত ডকাইতৰ কবলত পৰিছিল এজন লোক৷ লোকজনৰ পৰা ডকাইতে কাঢ়ি নিছিল ধন, নথি-পত্ৰ৷ চৰকাৰী কৰ্মচাৰীজনৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে ডকাইতকেইটাক৷ CCTV ফুটেজ, মোবাইল নম্বৰ ট্ৰেচ কৰি মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডকাইত মজনুৰ, ৰহিম আলী, আমিৰ, হামজা, তফজ্জুল আলী, লুটফুৰ ৰহমানক৷ জালুকবাৰীৰ ৰ’টাৰীৰ দলটোৱে টাৰ্গেট কৰি আহিছিল বিভিন্নজনক৷ অপহৰণ কাণ্ডতো জড়িত আছিল এই ডকাইতৰ দলটো৷ আৰক্ষীয়ে জব্দ কৰিছে ডকাইতি কাৰ্যত ব্যৱহৃত AS-01-JC-6033 আৰু AS-O1-PC-0818 নম্বৰৰ দুখন বিলাসী বাহন৷