ডিজিটেল ডেস্কঃ যোৱা ৪ ডিচেম্বৰ বুধবাৰে বশিষ্ঠ নদীত অবৈধভাৱে আৱৰ্জনা নিক্ষেপ কৰাৰ অপৰাধত গুৱাহাটী পৌৰ নিগমে নতুন বজাৰৰ এজন বাসিন্দাক ৪৫ হাজাৰ জৰিমনা বিহে।
গুৱাহাটী পৌৰ নিগমে সামাজিক মাধ্যমৰ যোগেদি কয়, “ বশিষ্ঠ নদীত শৌচাগাৰৰ আৱৰ্জনা নিষ্কাশন কৰাটো অতি শাস্তিযোগ্য অপৰাধ। নতুন বজাৰৰ এজন বাসিন্দাক নদীত চেপ্টিক আৱৰ্জনা পেলোৱাৰ বাবে জিএমচিয়ে ৪৫ হাজাৰ টকাৰ জৰিমনা বিহিছে। বশিষ্ঠ নদীক প্ৰদূষণৰ পৰা ৰক্ষা কৰাটো সৰ্বোচ্চ, আৰু এনে যিকোনো উলংঘাৰ বিৰুদ্ধে জিএমচিয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। আমাৰ গুৱাহাটী, আমাৰ দায়িত্ব! গুৱাহাটী পৌৰ নিগমৰ ইউ এল বি কোড : ৮০১৬২৭”
ইয়াৰ পূৰ্বে ৩ ডিচেম্বৰত মাছখোৱা আৰু জিএমচিএইচ ৰোডৰ দুজন বাসিন্দাক নিজৰ স্থানীয় অঞ্চলত অস্বাস্থ্যকৰ পৰিস্থিতিৰ সৃষ্টি আৰু অনুচিত আৱৰ্জনা নিষ্কাশনৰ বাবেও জিএমচিৰ বিষয়াসকলে জৰিমনা বিহে।
Leave A Comment