• জ্যোতিকুচিত ৰহস্যময় ঘটনা! মাতৃৰ কংকালৰ কাষত শিৱ ফটো, ৰুটী ৰাখি ৩ মাহে কি কৰিছিল পুত্ৰই?

    আঞ্চলিক
    জ্যোতিকুচিত ৰহস্যময় ঘটনা! মাতৃৰ কংকালৰ কাষত শিৱ ফটো, ৰুটী ৰাখি ৩ মাহে কি কৰিছিল পুত্ৰই?
    ডিজিটেল ডেস্কঃ মহানগৰীৰ জ্যোতিকুচিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মাতৃৰ মৃত্যু তিনি মাহ পাৰ হৈ যোৱাৰ পাছতো কাকোকে গম পাব নিদিলে পুত্ৰই। তিনি মাহৰ ভিতৰত মাতৃৰ মৃতদেহ হৈ পৰিল কংকাল। ঘৰৰ ভিতৰতে মাতৃৰ কংকালৰ সৈতে ৩টা মাহ পাৰ কৰিলে পুত্ৰ জয়দ্বীপ দে’ই।

    ঘৰটো অতি কদৰ্যময়। লেতেৰা-অপৰিস্কাৰ ঘৰখনত সকলো সামগ্ৰী য’ত-ত’ত সিঁচৰিত হৈ পৰি আছে। চোফাখনতে উদ্ধাৰ হৈছিল জয়দ্বীপৰ মাতৃৰ পূৰ্ণিমা দে’ৰ কংকাল। ঘৰটোত নাই বিদ্যুৎ সংযোগ। নাই খোৱা পানীৰ ব্যৱস্থা। মকৰা জালেৰে ভৰি পৰিছে প্ৰতিটো কোঠা। দেখিলেই উশাহ বন্ধ হৈ পৰা এক অতি লেতেৰা-কদৰ্যময় পৰিৱেশত ৩ মাহ পূৰ্বে মৃত্যু হোৱা মাতৃৰ কংকালৰ সৈতে দিন অতিবাহিত কৰিছিল ৪০ বছৰীয়া পুত্ৰ জয়দ্বীপ দে’ই। মানসিকভাৱে অস্থিৰ জয়দ্বীপ দে’ৰ কৰ্মকাণ্ডই সৃষ্টি কৰিছে ৰহস্য। 

    দেওবাৰে কংকালটো উদ্ধাৰ হৈছিল আৰু কংকালৰ কাষতে উদ্ধাৰ হৈছিল এখন শিৱৰ ফটো, কিছু পূজাৰ সামগ্ৰী। কংকালৰ কাষত উদ্ধাৰ হৈছিল ৰুটি। মাকৰ কংকালৰ সন্মুখত সদায়ে পূজা কৰিছিল জয়দ্বীপে। কাষত শিৱ ফটো ৰাখি ৪০ বাৰ ‘ঔম নমঃ শিৱায়’ বুলি যপ কৰিছিল জয়দ্বীপে। কংকাল হৈ পৰা মাতৃক খাবলৈ দিছিল ৰুটি।

    জয়দ্বীপে মাক পুনৰ জী উঠিব বুলি প্ৰতিদিনে পূজা কৰিছিল। কংকালৰ সোঁফালে শিৱ ফটো ৰাখি মাতৃ জী উঠিব বুলি প্ৰতিদিনে ৰুটি দিছিল। মাতৃৰ কংকালৰ সৈতে কথাও পাতিছিল জয়দ্বীপ দে’ই। আৰক্ষীয়ে সন্দেহ কোনো তৃতীয় পক্ষৰ প্ৰৰোচনাত পৰিছিল নেকি মানসিকভাৱে অস্থিৰ জয়দ্বীপ। কাৰণ গুৱাহাটী মহানগৰীত ঘৰে-মাটিয়ে সেই সম্পত্তিৰ দাম হ’ব কেইবা কোটি টকা। সম্পত্তিৰ লালসাত মানসিকভাৱে অস্থিৰ পুত্ৰক কোনোবাই উচতাই বৃদ্ধাগৰাকীক হত্যা কৰালে নেকি? সকলো দিশ তন্ন-তন্নকৈ পৰীক্ষা কৰিছে গড়চুক আৰক্ষীয়ে। সমগ্ৰ সামগ্ৰীয়ে ঘটনাক ঠেলি দিছে অধিক ৰহস্যৰ মাজলৈ।

    উল্লেখ্য যে তদন্তত পোহৰলৈ আহিছে- মৃত্যুৰ সময়ত এটুপি পানী বিচাৰিছিল মাতৃয়ে। খিড়িকীৰে চুবুৰীয়াক বিচাৰিছিল খাদ্য।
    পিছে স্থানীয় লোকে পানী-খাদ্য দিবলৈ গ'লে পুত্ৰই খেদি পঠিয়ায়। হাবি-জংঘলে আৱৰি পেলোৱা এটা ঘৰত স্বামীক হেৰুৱাই পুত্ৰৰ সৈতে বাস কৰিছিল মাতৃ।

    পিছে নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। জীৱনে পাখি মেলা সময়ত ঘৰৰ ভিতৰত উদ্ধাৰ তেওঁৰ কংকাল। সঁচাকৈ জীৱনৰ শেষ পৰ্যায় ক'ত, কেতিয়া, কেনেকৈ, কি হৈ যায় কোনেও ক'ব নোৱাৰে।