• গুৱাহাটীৰ চিল্কালয়ত লাগিল জুই! ভস্মীভূত লক্ষাধিক টকাৰ সা-সামগ্রীৰ লগতে পাট–মুগাৰ কাপোৰ

    আঞ্চলিক
    গুৱাহাটীৰ চিল্কালয়ত লাগিল জুই!  ভস্মীভূত লক্ষাধিক টকাৰ সা-সামগ্রীৰ লগতে পাট–মুগাৰ কাপোৰ
    ডিজিটেল ডেস্কঃ  মঙলবাৰে পুৱা গুৱাহাটী মহানগৰীৰ ফাঁচীবজাৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে।

    এক ব্যৱসায়িক-প্রতিষ্ঠানত সংঘটিত হৈছে এই অগ্নিকাণ্ড।

    সকলোৰে পৰিচিত চিল্কালয়ত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে ।

    অগ্নিকাণ্ডত ভস্মীভূত হৈছে লক্ষাধিক টকাৰ সা-সামগ্রী।

    জুইত জাহ গ’ল মূল্যৱান পাট–মুগাৰ কাপোৰ।

    শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে।


    ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে।

    বৰ্তমানেও ব্যৱসায় প্ৰতিষ্ঠানকেইখনত তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে।

    অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতেই অঞ্চলটোত চাঞ্চল্য বিৰাজ কৰে।