ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত শুকুৰবাৰে পুনৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। ভেটাপাৰাৰ ৰাজপথত এগৰাকী মহিলাক ছুৰিৰে ভয়ংকৰ আক্ৰমণ কৰিছিল এজন লোকে৷ ভেটাপাৰাৰ গোল্ডেন পথত এই ভয়ংকৰ ঘটনা সংঘটিত হয়।
ৰাজপথেৰে মহিলাগৰাকী খোজকাঢ়ি আহি থকা অৱস্থাত আক্ৰমণ কৰে আজুল হকে। মহিলাগৰাকীক ছুৰীৰে আক্ৰমণ কৰি আজুল হকে পলোৱাৰ চেষ্টা কৰে। মহিলাগৰাকীৰ নাম সোণালী দাস৷
এখন বাইকত আহিছিল আজুল৷ বাইকখন আঁতৰত ৰাখি সোণালীক অনুসৰণ কৰিছিল আজুলে। সোণালী ওচৰ পোৱাৰ লগে লগে আজুলে পকেটৰ পৰা এখন ছুৰী উলিয়াই ডিঙিত উপৰ্যুপৰি আক্ৰমণ কৰে।
মহিলাগৰাকী বৰ্তমান GMCHত ভৰ্তি হৈ আছে৷ ৰাইজে খেদি খেদি আটক কৰে আজুল হকক৷ হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আক্ৰমণকাৰী আজুলক।
আজি পুৱা আজুল হকক এনকাউণ্টাৰ কৰে আৰক্ষীয়ে৷ চিকিৎসালয়ৰ পৰা স্বাস্থ্য পৰীক্ষা কৰি লৈ অনা অৱস্থাত প্ৰস্ৰাৱ কৰিম বুলি আৰক্ষীৰ গাড়ীৰ পৰা নামিছিল আজুল হক৷
তাৰপাছত লগত থকা আৰক্ষীজনক গতিয়াই পলাবলৈ চেষ্টা কৰিছিল আজুল হকে৷ আৰক্ষীয়ে বাৰে বাৰে ৰ’বলৈ কৈছিল যদিও আজুল হক ৰোৱা নাছিল৷
পৰবৰ্তী সময়ত ৩ জাঁই গুলি ভৰিত নিক্ষেপ কৰি পুনৰ আজুল হকক কৰায়ত্ত কৰে আৰক্ষীয়ে৷ বৰ্তমান তেওঁ GMCHত চিকিৎসাধীন হৈ আছে৷
গুৱাহাটীৰ ভেটাপাৰাত সংঘটিত হোৱা আক্ৰমণ সন্দৰ্ভত আৰক্ষীয়ে মন্তব্য কৰিছে৷ আৰক্ষীৰ তথ্য অনুসৰি পূৰ্বৰ পৰাই সোণালী আৰু আজুলৰ মাজত আছিল প্ৰেমৰ সম্পৰ্ক।
সোণালী দাস গুৱাহাটীৰ ভেটাপাৰাৰ কৈলাশ নগৰত ভাড়াতীয়া হিচাপে আছিল। আজুল হকে ধুবুৰীৰ পৰা আহি সংঘটিত কৰিছে এই আক্ৰমণৰ ঘটনা।
অভিযুক্ত আজুল হক ভুক্তভোগী সোণালী দাসৰ স্বামীৰ বন্ধু। অৱশ্যে যোৱা ২ বছৰ ধৰি অভিযুক্তক পৰিহাৰ কৰি আহিছে সোণালীয়ে।
সোণালী দাস আৰু আজুল হক দুয়ো গৰাকী বিবাহিত। দুয়োৰে নিজা নিজা পৰিয়াল আছে৷
পৰিয়ালৰ লোকৰ মতে, আজুল হকৰ হাৰাশাস্তিৰ বাবেই ধুবুৰীৰ পৰা গুৱাহাটীলৈ আহি বনকৰা কামত নিয়োজিত আছিল সোণালী দাস। প্ৰায় এবছৰ পূৰ্বে ধুবুৰী জিলাৰ গোলোকগঞ্জ আৰক্ষীয়ে সোণালী দাসক হাৰাশাস্তি কৰাৰ অপৰাধত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল আজুল হকক।
প্ৰায়ে সোণালীক লগ কৰিব বিচাৰিছিল আজুলে আৰু সেই প্ৰস্তাৱ সোণালীয়ে নাকচ কৰি আহিছিল। সোণালী দাসৰ উপেক্ষা সহিব নোৱাৰি আজুল হকে খঙত অগ্নিশৰ্মা হৈ ছুৰিৰে আঘাত কৰি সোণালী দাসক হত্যাৰ চেষ্টা চলায়।
Leave A Comment