ডিজটেল ডেস্কঃ চতিয়াৰ এক অন্যতম বিদ্যালয় জ্ঞান ভাৰতী পাব্লিক স্কুল ৷ বিদ্যালয়খনে বিগত বৰ্ষত বিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি এক কাৰ্যসূচী সংযোজন কৰি আহিছে যাৰ নাম ককা-আইতা আৰু নাতিৰ মেল ৷
যান্ত্ৰিকতা আৰু বৰ্তমান সময়ত মবাইল, ইন্টাৰনেট আদিৰ দৰে আধুনিক প্ৰযুক্তিবিদ্যাৰ সমলে বৰ্তমান সময়ত ককা আইতা আৰু নাতিসকলৰ মাজৰ সম্পৰ্কত কিছু পৰিমাণৰ হ’লেও বাধাৰ সৃষ্টি কৰিছে ৷ এই বৰ্ষতো বিদ্যালয় সপ্তাহত এই কাৰ্যসূচী সংযোজন কৰি ককা-আইতা আৰু নাতিৰ মাজৰ সম্পৰ্ক পুনৰ ঘূৰি অহাৰ এক প্ৰয়াস কৰিছে ৷
ঘূৰি আহক সেই সোণালী দিন য’ত ককা-আইতাৰ সাধু আৰু খুহুটীয়া ধেমালিৰ ওচৰত হাৰ মানক আধুনিক প্ৰযুক্তিবিদ্যাই তাৰেই প্ৰয়াস জ্ঞান ভাৰতী পাব্লিক স্কুলৰ ৷ উক্ত অনুষ্ঠানটিত ককা-আইতাক নাতিসকলে চৰণ ধোৱাই সভাকক্ষলৈ আদৰি অনা আৰু ককা-আইতাসকল সম্বৰ্ধনা জনোৱা ,ককা-আইতাৰ অন্তৰংগ আলাপ আৰু লগতে তেওঁলোকক একোটাকৈ গছপুলি প্ৰদান কৰা হয় ৷
Leave A Comment