ডিজিটেল ডেস্কঃ কিছুদিনৰ পূৰ্বে ফাঁচীবজাৰত এগৰাকী আৰক্ষী বিষয়াই লঘু দোষতে অতিপাত প্ৰহাৰ কৰিছিল জ্ঞানদ্বীপক। এই ঘটনা পোহৰলৈ অহাৰ পাছতে ৰাজ্যজুৰি জ্ঞানদ্বীপৰ সপক্ষে সৃষ্টি হৈছিল এক জোঁৱাৰ। ঘটনাৰ গভীৰতা উমান পাই আৰক্ষী সঞ্চালক প্ৰধানে অনতি পলমে চাকৰিৰ পৰা নিলম্বন কৰে পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গৱ বৰবৰাক
ডেলিভাৰী বয় হিচাপে কাম কৰি কটনৰ প্ৰাক্তন ছাত্ৰগৰাকীক বিশ্ববিদ্যালয়খনত নতুন কাম প্ৰদানৰ কথা ইতিমধ্যে সদৰি কৰিছিল কৰ্তৃপক্ষই। সোমবাৰে অৰ্থাৎ ২৫ নৱেম্বৰত জ্ঞানদীপ হাজৰিকাই ইউএছটিএমত ছেকচনেল অফিচাৰ (ট্ৰেইনী) হিচাপে যোগদান কৰে । ইউএছটিএম কৰ্তৃপক্ষই দিলে এই মেধাৱী ছাত্ৰজনক নতুন কামৰ সুযোগ । কটনত জ্ঞানৰ বন্তি জ্বলোৱা জ্ঞানদীপে ইউএছটিএমৰ আচাৰ্য মহবুবুল হকক ২৫ নৱেম্বৰত সাক্ষাৎ কৰিছিল ।
ইয়াৰ পিছতেই ইউএছটিএমৰ মহবুবুল হকে তেওঁক নিযুক্তি দিব বুলি আশ্বাস প্ৰদান কৰে ।কৰ্তৃপক্ষই জনোৱা অনুসৰি জ্ঞানদীপে ছেকচ'নেল অফিচাৰ (ট্ৰেইনী) হিচাপে যোগদান কৰাৰ লগতে ইয়াতেই এম বি এ পাঠ্যক্ৰমো গ্ৰহণ কৰিব । মেধাৱী ছাত্ৰ জ্ঞানদীপে চাকৰি আৰু পাঠ্যক্ৰম একেলগে আগবঢ়াই নিব ।সপ্তাহত ৩ হাজাৰ টকা ডেলিভাৰী বয় হিচাপে কাম কৰি উপাৰ্জন কৰিছিল । ইউএছটিএমৰ মহবুবুল হকে আগবঢ়োৱা চাকৰিৰ প্ৰস্তাৱত সন্মতি দি সোমবাৰৰ পৰা চাকৰিত যোগদান কৰে জ্ঞানদীপে ।
Leave A Comment