ডিজিটেল ডেস্ক: ৰাজ্যত বতৰে লৈছে ভয়াৱহ ৰূপ। বাংলাদেশৰ ওপৰত সৃষ্টি হোৱা গভীৰ নিম্নচাপৰ ফলত ৰাজ্যত অতিপাত বৰষুণ হৈ আছে। শুকুৰবাৰে সমগ্ৰ দিনটো নেৰানেপেৰাকৈ বৰষুণ দিয়াৰ পাছত আজিও ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সতর্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
উল্লেখযোগ্য যে কালিৰ দিনটোৰ বাবে মধ্য আৰু নামনি অসমৰ বাৰখন জিলাত ৰেড এলার্ট ঘোষণা কৰাৰ পাছত আজিৰ দিনটোৰ বাবে বঙাইগাঁও, চিৰাং, বাকসা, বৰপেটা, বজালী আৰু তামুলপুৰ জিলাত ৰেড এলার্ট ঘোষণা কৰা হৈছে।
একেদৰে আজি দৰং, ওদালগুৰি আৰু নলবাৰী জিলাত অৰেঞ্জ এলার্ট ঘোষণা কৰাৰ বিপৰীতে ৰাজ্যৰ বাকী জিলাসমূহত য়েল্ল এলার্ট জাৰি কৰা হৈছে। আজিৰ দিনটোত ৰেড এলার্ট ঘোষণা কৰা জিলাসমূহত অতি প্ৰবল বৰষুণৰ (২৪ ঘণ্টাত ১২ৰ পৰা ২০ চে.মি.)ৰ লগতে ঘণ্টাত ৩০-৪০ কিল'মিটাৰ বেগত বতাহ বলাৰ সম্ভাৱনা আছে। একেদৰে য়েল্ল এলার্ট জাৰি কৰা জিলাসমূহত (৭ ঘণ্টাত ১২ৰ পৰা ১১ চে.মি.)ৰ বৰষুণ হ'ব পাৰে।
আনহাতে এক জুনৰ দিনা ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট আৰু কাৰ্বি আংলং, পশ্চিম কার্বি আংলং, তামুলপুৰ, বজালী, বঙাইগাঁও, বৰপেটা, বাকসা, চিৰাং, কোকৰাঝাৰ আৰু গোৱালপাৰা জিলাত য়েল্ল এলার্ট ঘোষণা কৰা হৈছে।
Leave A Comment