ডিজিটেল ডেস্কঃ চৰ-চাপৰি সাহিত্য পৰিষদ,অসম এ চৰ-চাপৰিৰ স্বনামধন্য লেখক, সু-সাহিত্যিক, চৰ-চাপৰিবাসী আৰু অসমৰ অন্যান্য জনগোষ্ঠীৰ মাজত সমন্বয়ৰ সেতুস্বৰূপ ইছমাইল হোছেইন(জ্যেষ্ঠ)ৰ সোঁৱৰণত ইছমাইল হুছেইন (জ্যেষ্ঠ) সোঁৱৰণী সম্প্ৰীতি সন্মান প্ৰতিবছৰে একোগৰাকীকৈ বিশিষ্ট লেখক, সাংবাদিক, সমাজ সংগঠকলৈ আগবঢ়াই আহিছে।
যোৱা ৫ জানুৱাৰী তাৰিখে হাউলিৰ উইজডম অ'কাডেমীত অনুষ্ঠিত পৰিষদৰ কাৰ্যকৰী সভাত ২০২৩ বৰ্ষৰ এই সন্মান মেহনতী জনতাৰ নেতা,সুলেখক শ্ৰীযুত হেমেন দাসক প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে ইতিমধ্যে এই সন্মান মধ্যপ্ৰদেশৰ প্ৰখ্যাত লেখক তথা সাংবাদিক লজ্জাশৰণ হাৰ্ডেনিয়া, ড:হীৰেন গোহাঁই, হোমেন বৰগোহাঞি, প্ৰয়াত শশী শৰ্মা,অজিত কুমাৰ ভূঞা, ড:মুণিৰুল হোছেইন, অধ্যাপক আব্দুল মান্নান, প্ৰশান্ত ৰাজগুৰু আৰু শ্ৰীযুত নিত্য বৰাৰ দৰে সমাজ জীৱনলৈ অতুলনীয় বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলক প্ৰদান কৰা হৈছে।
এই সন্মানৰ লগত কুৰি হেজাৰ টকা নগদ ধনৰ লগতে অন্যান্য উপহাৰ সামগ্ৰীও আগবঢ়োৱা হয়। অন্যহাতে প্ৰান্তীয় জনগোষ্ঠীসমূহৰ মহিলা লেখিকাসকলক সন্মান প্ৰদানৰ বাবে পৰিষদে ২০২২চনৰ পৰা প্ৰদান কৰি অহা"মাতৃ সোমজান নেছা সোৱৰণী সাহিত্য সন্মান"এইবাৰ পশ্চিমবংগৰ প্ৰতিবাদী কবি মৌমিতা আলমক প্ৰদান কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে।এই সন্মানৰ জৰিয়তে সন্মান প্ৰাপকক নগদ ধন দহ হেজাৰ টকাৰ উপৰিও অন্যান্য উপহাৰ সামগ্ৰী প্ৰদান কৰা হয়।
তদুপৰি ১৯৭২ চনত অসমীয়া ভাষাৰ হকে আন্দোলন কৰিবলৈ গৈ খাৰুপেটীয়াত ছহিদ হোৱা ওমৰ আলীৰ সোৱৰণত প্ৰদান কৰা"ছহিদ ওমৰ আলী সোৱৰণী ভাষা সন্মান"পূৰ্বে কৰা ঘোষণা মতেই লোকসংস্কৃতিৰ সাধক,সাংবাদিক আনোৱাৰ হোছেইনক প্ৰদান কৰা হ'ব।
জানুৱাৰী মাহৰ শেষ সপ্তাহত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হ'বলগীয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই সন্মানসমূহ প্ৰদান কৰা হ'ব।
Leave A Comment