ডিজিটেল ডেস্কঃ মহানগৰীৰ হেঙেৰাবাৰী জাকিৰ হুছেইন পথত এজন যুৱকৰ মৃত্যুক লৈ চেপা উত্তেজনা।
পৰিয়ালৰ লোকেই যুৱকজনক অতি কৌশলেৰে হত্যা কৰাৰ অভিযোগ স্থানীয় লোকৰ।
সম্পত্তিৰ লোভত পৰিয়ালৰ লোকে হত্যা কৰাৰ অভিযোগ।
মৃত যুৱকজনৰ নাম ৰাজ মুন শইকীয়া। যুৱকজনৰ মৃত্যুৰ তদন্তৰ দাবী ৰাইজৰ।
যুৱকজনৰ মাতৃ-পিতৃ বহু বছৰ পূৰ্বেই ঢুকাইছিল। মানসিকভাৱে অসুস্থ আছিল যুৱকজন।
দুবছৰৰ ধৰি ৰিহাবত ভৰ্তি হৈ আছিল যুৱকজন। কিছুদিন পূৰ্বে হাস্পতালত ভৰ্তি কৰা হৈছিল।
কিন্তু স্থানীয় লোকৰ অভিযোগ অনুসৰি সংকটজনক অৱস্থাতেই ঘৰলৈ লৈ আহিছিল যুৱকজনক।
স্থানীয় লোককো হাস্পতাললৈ নিবলৈ নিদিলে পৰিয়ালৰ লোকে। যুৱকজন বিবাহিত আছিল যদিও পিছলৈ বিবাহ বিচ্ছেদ হৈছিল।
পৰিয়ালৰ লোকে কোনো ধৰণৰ স্পষ্টিকৰণ নিদিলে। কেৱল বাতৰি সংগ্ৰহ নকৰিবলৈ সকীয়নি দি পুনৰ ঘৰৰ ভিতৰলৈ সোমাই গ'ল।
Leave A Comment