• লামডিঙত জব্দ ১২ লাখ টকাৰ বাৰ্মিজ চুপাৰী

    আঞ্চলিক
    লামডিঙত জব্দ ১২ লাখ টকাৰ বাৰ্মিজ চুপাৰী

    ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰীৰ ক'লা বেহা৷ ডিমাপুৰৰ পৰা প্ৰতিদিনেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যলৈও সৰৱৰাহ হৈ আছে চুপাৰীৰ বেহা ৷ 


    ভাৰতীয় ৰে'লৰ লগতে ৰাষ্ট্ৰীয় ঘাই পথেৰেও সৰবৰাহ কৰি আহিছে বাৰ্মিজ চুপাৰীৰ ব্যৱসায়। শুকুৰবাৰে লামডিং ৰে'ল আৰক্ষীয়ে লামডিঙত জব্দ কৰিছে বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী ৷

    একাংশ চোৰাং ব্যৱসায়ীয়ে বিভিন্ন পদ্ধতিৰে ৰে'লযোগে বিভিন্ন নিষিদ্ধ সামগ্ৰী সৰবৰাহ কৰি আহিছে ৷ এতিয়া ডিমাপুৰৰ পৰা বহি:ৰাজ্যলৈ ৰে'লৰ ডবাৰ পাৰ্চেলত বুকিং হৈ সৰবৰাহ হয় চুপাৰী ৷ শুকুৰবাৰে নামনিমুৱা ১৫৯০৩ ডিব্ৰুগড় চণ্ডিগড় এস্কপ্ৰেছ ৰে'লখনৰ পাৰ্চেল ডবাত আহিছিল চুপাৰীখিনি ৷ ৰে'ল আৰক্ষীয়ে ৪০টা বস্তাত প্ৰায় ৩৮ কুইন্টল সন্দেহজনক বাৰ্মিজ চুপাৰী জব্দ কৰে ৷


    জব্দ কৰা চুপাৰীখিনৰ বজাৰ মূল্য আনুমানিক প্ৰায় ১২লাখ টকা৷