ডিজিটেল ডেস্কঃ অসম উচ্চতৰ মাধ্যমিক শিক্ষা বৰ্ডৰ নাভূত-নাশ্ৰুত কাণ্ড। এই কাণ্ড শুনিলে আপোনাৰো চকু কপালত উঠিব। ২০২৪ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ ঘোষণাৰ পিছতেই সমগ্ৰ অসমত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছিল সকলোৰে মনত অপাৰ আনন্দই বিৰাজ কৰিছিল। কিন্তু সেই ফলাফলেই আশাত চেঁচা পানী ঢালিলে কামপুৰৰ ভাৰ্গৱ বৰাৰ জীৱনত।
ৰাজনীতি বিজ্ঞানক গুৰু বিষয়লৈ পঢ়াৰ অপ্ৰাণ হেঁপাহৰ পিছতো অসম উচ্চতৰ মাধ্যমিক শিক্ষা বৰ্ডৰ এটা ভুলৰ বাবে নিজৰ মন পছন্দ বিষয়ত পঢ়িবলৈ সুযোগ নাপালে ভাৰ্গৱ বৰাই। পিছত ভাৰ্গৱ বৰাৰ সন্দেহ ওপজাত পুনঃনিৰীক্ষণ কৰাত ওলাই পৰে উৰহী গছৰ ওৰ। প্ৰথম ফলাফলত ১৬ নম্বৰ পোৱা ছাত্ৰজনে পুনঃনিৰীক্ষণৰ পাছত ৯৬ নম্বৰ পোৱাত এতিয়া হতচকিত হৈ পৰিছে ছাত্ৰগৰাকীৰ লগতে সচেতন মহল।
আনহাতে ৯৬ শতাংশ নম্বৰ পোৱাৰ পিছত কামপুৰ কেন্দ্ৰটোৰ ভিতৰতে প্ৰথম স্থান পাবলৈ সক্ষম হয় ভাৰ্গব বৰাই। এতিয়া প্ৰশ্ন হয় পুনঃনিৰীক্ষণৰ নামত ডিচেম্বৰ মাহ পালেগৈ কেনেকৈ? নে এনেদৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ লগত হেতালি খেলি যাম বুলি ভাবিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা বৰ্ডে সেইয়াহে পৰৱৰ্তী সময়ত লক্ষ্যনীয় হ'ব।
Leave A Comment