ডিজিটেল ডেস্ক: আধাৰ কাৰ্ড আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সংযোগ কৰাৰ উদ্দেশ্যে অসম চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।আধাৰ কাৰ্ডৰ বাবে অসম চৰকাৰে বাধ্যতামূলক কৰিছে এন আৰ চিৰ আবেদন৷ বাংলাদেশী অনুপ্ৰৱেশকাৰী সমস্যাৰ বাবে ৰাজ্য চৰকাৰে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে যাতে আবেদন পৰীক্ষণ প্ৰক্ৰিয়াটো অধিক শক্তিশালী কৰি তুলিব পাৰে। এতিয়াৰ পৰা এন আৰ চি নথকা লোকসকলে লাভ নকৰিব আধাৰ কাৰ্ড।
বাংলাদেশী অনুপ্ৰৱেশকাৰী সমস্যা ৰোধ কৰিবৰ বাবেই কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে।বিগত দুটা মাহত অসম আৰক্ষী, ত্ৰিপুৰা আৰক্ষী আৰু বি এছ এফে কেইবাশ অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰিছে। এনে পৰিস্থিতিত বাংলাদেশৰ পৰা অনুপ্ৰৱেশ চিন্তাৰ বিষয় হৈ পৰিছে। সেয়ে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে৷ কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে আধাৰ আবেদনকাৰীৰ পৰীক্ষণৰ কাম চোৱাচিতা কৰিব আৰু প্ৰতিখন জিলাৰ অতিৰিক্ত জিলা উপায়ুক্তই এই কামৰ দায়িত্ব গ্ৰহণ কৰিব।
উল্লেখযোগ্য যে কেবিনেটে অনুমোদন জনোৱা এছ অ’ পি অনুসৰি আধাৰ কাৰ্ডৰ বাবে প্ৰাথমিক আবেদনৰ পিছত ইউআইডিএআইয়ে ইয়াক পৰীক্ষণৰ বাবে ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিব, আৰু তাৰ পিছত চক্ৰ বিষয়াই নিশ্চিত কৰিব যে আবেদনকাৰী বা তেওঁৰ পৰিয়ালৰ সদস্যই এনআৰচিৰ বাবে আবেদন কৰিছে নেকি৷ আৰু ৰাজ্য চৰকাৰে দাখিল কৰা নথি-পত্ৰসমূহ পৰীক্ষা কৰি ৪৫ দিনৰ ভিতৰত ইউ আই ডি এ আইলৈ অনলাইনযোগে পঠাব৷
প্ৰতিবেদন অনুসৰি ৩১ আগষ্ট, ২০১৯ত প্ৰকাশ পোৱা শেষৰখন এন আৰ চিত ১৯,০৬,৬৫৭ জন লোকক বাদ দিয়া হৈছিল। ৩,৩০,২৭,৬৬১ গৰাকী আবেদনকাৰীৰ ভিতৰত মুঠ ৩,১১,২১,০০৪ জনৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যখনত ধুবুৰীকে ধৰি চাৰিখন জিলাত জনসংখ্যাতকৈ অধিক আধাৰৰ আবেদন আহিছে। তেওঁ কয় যে বৰপেটাত ১০৩.৭৪ শতাংশ, ধুবুৰীত ১০৩ শতাংশ, মৰিগাঁও আৰু নগাঁও দুয়োখনতে ১০১ শতাংশ আৱেদন পোৱা গৈছে। জনসংখ্যাতকৈ আধাৰ আবেদনকাৰীৰ সংখ্যা বেছি হোৱা বুলি দাবী উত্থাপন হোৱাৰ পোছতে ৰাজ্য চৰকাৰে আধাৰ আবেদনৰ লগতে এন আৰ চিৰ আবেদনৰ ৰচিদ নম্বৰটোও দিব লাগিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সদৰি কৰিছে৷
Leave A Comment