ডিজিটেল ডেস্কঃ শেহতীয়াকৈ প্ৰকাশ পোৱা ভোটাৰ তালিকাত এটা সম্প্ৰদায়ৰ অত্যাধিক ভোটাৰ বৃদ্ধি পোৱাৰ বিপৰিতে আমাৰ হিন্দুসকলৰ সংখ্যা কমিছে।এনে হলে কেনেকৈ জাকির পাৰিব।বাক্সা জিলাৰ নিকাছিত অনুষ্ঠিত এখন সভাত অংশ লৈ এই মন্তব্য কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ।
সভাত ভাষণ প্ৰদান কৰি বিধান সভাৰ অধ্যক্ষ গৰাকীয়ে কয় যে পূৰ্বে আমাৰ প্ৰতিটো পৰিয়ালতে অধিক জনসংখ্যা আছিল।কিন্তু এতিয়া লাহে লাহে গাঁওৰ ঘৰ ৰখিবলৈও মানুহ নোহোৱা হৈছে।গতিকে এজন বা দুজন সন্তান জন্ম দিয়া পৰিয়ালক কোনো চৰকাৰী আঁচনি দিব নালাগে। তিনিজন সন্তান জন্ম দিয়া সকলহে চৰকাৰী আঁচনিৰে পুৰস্কৃত কৰিব লাগে।
উল্লেখ্য যে বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ নিকাছি ধনশ্ৰীপুৰত আজি এক এম্বুলেন্স সেৱা শুভ উদ্বোধন কৰে বিধানসভাৰ অধ্যক্ষ গৰাকীয়ে। নিকাছি ধনশ্ৰীপুৰত শ্ৰী শ্ৰী উত্তৰ আঞ্চলিক মা শ্ৰী ভবানী ট্ৰাষ্টৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সমাগত বিটিচি নিৰ্বাচনৰ বাবে বিজেপি দল সম্পূৰ্ণ সাজু বুলি জানিব দিয়ে।আনহাতে গুৱাহাটী মহানগৰীত হোৱা বানপানী ৰোগৰ বাবে এটা নতুন নলা নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰে।
Leave A Comment