• শ্বহীদ ৰঞ্জিত বৰপূজাৰী: ভাষা আন্দোলনত ৰচি গৈছিল যুগজয়ী ইতিহাস

    আঞ্চলিক
    শ্বহীদ ৰঞ্জিত বৰপূজাৰী: ভাষা আন্দোলনত ৰচি গৈছিল যুগজয়ী ইতিহাস
    ডিজিটেল ডেস্ক: আইৰ মুখৰ ভাষাটোৰ সুৰক্ষাৰ বাবেই নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি পুলিচৰ গুলী বুকু পাতি লৈছিল ৰঞ্জিত বৰপূজাৰীয়ে৷ ভাষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ আজি স্মৃতিদিৱস৷ অসমবাসীৰ মন আৰু চেতনাত জাতিপ্ৰেম আৰু ভাষাৰ প্ৰতি দায়বদ্ধতা জগাই প্ৰাণ আহুতি দিয়া শ্বহীদগৰাকীৰ বীৰোচিত ইতিহাসে আজিও সংকট, সংশয়ৰ বিপৰীতে সম্ভাৱনাৰ চাকি জ্বলাই আগুৱাই যাবলৈ সাহস দিয়ে প্ৰতিগৰাকী অসমীয়াক৷

    পিছে কি পৰিস্থিতিত ৰঞ্জিত বৰপূজাৰীয়ে শ্বহীদবৰণ কৰিবলগীয়া হৈছিল? কি কাৰণত পুলিচী নৃশংসতাই প্ৰাণ কাঢ়িছিল এইগৰাকী সম্ভাৱনাপূৰ্ণ তৰুণৰ?

    আহক উভতি চাওঁ-

    ১৯৬০ চন৷ সেই সময়ত অসমত অসমীয়া কাকতৰ প্ৰচলন কম আছিল৷ কলকাতাৰ পৰা প্ৰকাশিত ‘আনন্দবাজাৰ পত্ৰিকা’ আদি কাকতৰ প্ৰচলন অসমীয়া কাকতৰ প্ৰচলনতকৈ বেছি আছিল বুলি ক’ব পৰা যায়৷ সেই সময়ত অসমত যিমানে অসমীয়া ভাষা ৰাজ্যভাষা হ’ব লাগে বুলি দাবী উত্থাপন হ’বলৈ ধৰিলে, সিমানেই কলকাতাৰ পৰা প্ৰকাশিত কাকতে অসমবাসীৰ সেই ন্যায্য দাবীৰ বিৰোধিতা কৰিবলৈ ধৰিলে৷ তৎসত্ত্বেও অসমবাসীয়ে ৰাজ্যভাষাৰ দাবীটো জোৰকৈ ধৰি থাকিল আৰু অসমীয়া ৰাজ্যভাষা প্ৰতিষ্ঠাৰ বাবে আন্দোলন পৰ্যন্ত কৰিবলৈ বাধ্য হৈছিল৷ পিছ পৰি ৰোৱা নাছিল কটন কলেজৰ ছাত্ৰ সমাজ৷ ১৯৬০ চনৰ ৪ জুলাইত আন্দোলনে তীব্ৰৰূপ ধাৰণ কৰিছিল৷ তেতিয়া ৰাজ্যৰ ৰাজধানী আছিল শ্বিলঙত৷ মুখ্যমন্ত্ৰী আছিল বিমলাপ্ৰসাদ চলিহা৷ ৰঞ্জিত বৰপূজাৰী আছিল কটন কলেজৰ ২নং ছাত্ৰাবাসত৷ সেই ছাত্ৰাবাসৰ বাৰাণ্ডাতে ছাত্ৰসকল সমবেত হৈ সাজু হৈছিল সামূহিক প্ৰতিবাদৰ বাবে৷ সেই সময়ত লালা বি কে দে’ নামৰ এগৰাকী উচ্চপদস্থ পুলিচ বিষয়াই সেই আন্দোলনৰ বিপৰীত মেৰুত অৱস্থান কৰি বাংলা ভাষাৰ হৈ কাম কৰিছিল বুলি শুনা যায়৷ কটনৰ ছাত্ৰৰ প্ৰতিবাদী কাৰ্যসূচীত জনসমাগম বৃদ্ধি হৈছিল যদিও হিংসাত্মক ৰূপ ধাৰণ কৰা নাছিল বুলি পিছত জানিব পৰা গৈছিল৷ গুলীচালনাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি নোহোৱা সত্ত্বেও গুলীচালনাৰ আদেশ দিয়া হৈছিল৷ আৰু তাৰ পাছৰখিনি ইতিহাস৷ কেইবাগৰাকীও লোক আহত হৈছিল সেই ঘটনাত৷ আৰু পুলিচৰ গুলীয়ে বুকু বিদীৰ্ণ কৰিছিল ফুলকুমলীয়া ৰঞ্জিত বৰপূজাৰী নামৰ কটনিয়ানগৰাকীৰ৷

    ৰঞ্জিত বৰপূজাৰীয়ে শ্বহীদবৰণ কৰা ইতিহাস আৰু সেই সময়ৰ জাতীয় জীৱনৰ ভাষিক সংকটৰ প্ৰেক্ষাপট সম্পৰ্কে ‘প্ৰত্যাহ্বান’ শীৰ্ষক এখন ই-আলোচনীত শিক্ষাবিদ ড° কৃষ্ণগোপাল ভট্টাচাৰ্যই লিখিছে এনেদৰে—

    ‘সেই সময়ত অসমত অসমীয়াভাষী লোকৰ সংখ্যা প্ৰায় ৬৭ ভাগ আছিল (তেতিয়াৰ অসম বৰ অসম আছিল)৷ প্ৰায় ১৯ শতাংশ বাঙালী লোকৰ সৰহখিনিয়েই আছিল বৰাক উপত্যকাত, কিন্তু এইসকল লোকে কোৱা বাঙালী ভাষাটো বাংলাভাষাৰ পৰা সিমানেই বেলেগ আছিল যিমানখিনি বেলেগ আছিল অসমীয়া ভাষাৰ পৰা৷ লামডিং আদি কেইখনমান ৰে’লৱে’ নগৰতো কিছু সংখ্যক বাঙালী লোক আছিল কিন্তু বিভিন্ন কাৰণত তেওঁলোক গৰিষ্ঠ অসমীয়া মানুহখিনিৰ লগত মিলিজুলি আছিল৷ খাচীয়া-জয়ন্তীয়া পাহাৰ আদিত থকা জনজাতীয় মানুহখিনিয়ে নিজৰ ভাষা আৰু দোৱান ব্যৱহাৰ কৰিছিল, কিন্তু তেওঁলোকৰ সংখ্যা অসমৰ মুঠ জনসংখ্যাৰ ৫ শতাংশৰ বেছি নাছিল৷ নগাপাহাৰ আৰু নেফাৰ (এতিয়াৰ অৰুণাচল প্ৰদেশ) লোকসকলেও ‘লিংগুৱাফ্ৰাংকা’ হিচাপে অসমীয়া ভাষাকে ব্যৱহাৰ কৰিছিল৷ স্বতঃসিদ্ধভাৱেই অসমৰ ৰাইজে ১৯৫০ চনৰ পৰাই অসমীয়া ভাষাক ৰাজ্যভাষা হিচাবে গ্ৰহণ কৰাৰ বাবে দাবী জনাই আছিল৷ কিন্তু বিভিন্ন ৰাজনৈতিক অংকত আউল লগাৰ ভয়ত অসম চৰকাৰে বিষয়টো এৰাই চলিছিল৷ ১৯৬০ চনৰ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ শেষৰফালে বিৰোধী দলসমূহৰ পৰা বিধানসভাত প্ৰস্তাৱ দাঙি ধৰা হ’ল যে চৰকাৰে অতি শীঘ্ৰে অসমত অসমীয়াক ৰাজ্যভাষা হিচাবে ঘোষণা কৰিব লাগে৷ তেতিয়াৰ মুখ্যমন্ত্ৰী স্বৰ্গীয় বিমলা প্ৰসাদ চলিহাই বিধানসভাত এক অদ্ভূত ঘোষণা কৰিলে যে অসমীয়া ভাষাক ৰাজ্যভাষা হিচাপে ঘোষণা কৰিব লাগে, এই দাবীটো আহিব লাগে অনা-অসমীয়াসকলৰ পৰা৷ পৰোক্ষভাৱে তেখেতে বুজাই দিলে যে অনা-অসমীয়াসকলক অসন্তুষ্ট কৰি অসমীয়া ভাষাক ৰাজ্যভাষা ঘোষণা কৰিব নোৱাৰে৷ অসমৰ সংকট মুহুৰ্তবোৰত আমাৰ নিজৰ মানুহেই ৰাজ্যখনৰ স্বাৰ্থক সদায় বিশ্বাসঘাতকতা কৰি আহিছে৷ সেইবাবেই ১৯৬০ৰ মাজভাগত অসমৰ ৰাইজ জ্বলি উঠিল, আৰম্ভ হ’ল ভাষা আন্দোলনৰ৷ ৰঞ্জিত বৰপূজাৰী শ্বহীদ হ’ল, সূৰ্য বৰা হেৰাই গ’ল আৰু ক’ত যে দুৰ্ঘটনা নঘটিল৷ শেষত যেনিবা ১৯৬১ চনত ৰাজ্যভাষা আইনখন হ’ল, ইচ্ছাকৃতভাৱে তাত বহু সুৰুঙা ৰখা হ’ল আৰু এতিয়া আমি জানো যে ৰাজ্যভাষা আইন আজিও কাৰ্য্যকৰী নহ’ল পূৰ্ণাংগ ৰূপত৷ ১৯৬০ৰ ভাষা আন্দোলনে উত্থাপন কৰা বহু কথা তেনেকৈয়ে ৰৈ গ’ল আৰু সমগ্ৰ পূৰ্বাঞ্চলত অসমীয়া ভাষাই যি গুৰুত্বপূৰ্ণ ভূমিকা এসময়ত লৈ আছিল, সেয়া ক্ৰমে ক্ৰমে অধিক সংকুচিত হৈহে আহিব ধৰিছে৷’

    ৰঞ্জিত বৰপূজাৰীৰ ত্যাগ আৰু সংগ্ৰামক মৰ্যাদা দিবলৈ প্ৰতিগৰাকী স্বাভিমানী অসমীয়া সংকল্পবদ্ধ হোৱাৰ সময় এয়া৷ ৰাজনৈতিক কাৰচাজিয়ে ভাষাটোৰ প্ৰতি সংশয় নমাৰ সময়ত ঐতিহ্যশালী ভাষাটোক সুৰক্ষিত কৰি ৰাখিবলৈ প্ৰতিগৰাকী অসমবাসীয়ে জাতীয় দায়বদ্ধতাৰ পৰিচয় দিয়াৰ এয়াই যে সময়৷

    slot thailandslot gacorsabung ayam onlinesabung ayam onlinesabung ayam onlineslot thailandlive casino onlinehttps://ecosukces.pl/slothttps://delalibera.com.br/indojawa88sv388agen bolasabung ayam onlinesabung ayam onlinelive casino onlinesabung ayam onlinelive baccaratsipardikemenaglebongtppkk bitunggs hospitalsarwadharma hospital gwlpeasant farmersppdb yayasan pendidikan assalamgoji berryhttps://www.undp.or.id/https://mtsmathlaulanwarputat.sch.id/https://www.smpn2karangsambung.sch.id/slot gacorhttps://ociterrasus.com/https://psb.al-asyariyyah.com/live casinodpd ipai jatimhttps://yplppgrikabbogor.com/https://smkveterancirebon.sch.id/https://www.min2jember.sch.id/https://sditfatahillahskh.sch.id/https://ichisultra.or.id/https://banggaiemas.org/https://www.man1acehbarat.sch.id/https://lib.stishusnulkhotimah.ac.id/https://www.stieyapismerauke.ac.id/https://stechdigitalsolutions.com/https://webzsparkle.com/SBOBET88indopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxSV388Mix ParlayCasino OnlineSlot Onlineslot thailand gacorSABUNG AYAM ONLINEJUDI BOLA ONLINEJUDI BOLA ONLINEsv388casino onlinespacemanmix parlaysv388casino onlineslot777mix parlaysv388sabung ayam sv388sbobet88 judi bolacasino baccarat onlineslot777hongkong poolsSV388 AGEN SABUNG AYAM ONLINESBOBET88 AGEN JUDI BOLAAGEN LIVE CASINOSITUS SLOT GACOR MAHJONG WAYS 2SV388 AGEN SABUNG AYAM ONLINESBOBET88taruhan bola onlinesv388slot onlineSlot Kakek ZeusAgen Judi BolaSBOBETLIVE CASINO ONLINESABUNG AYAM ONLINESLOT777AGEN BOLASV388Live Casino OnlineSBOBET88Slot Kakek ZeusSLOT THAILANDZEUS SLOTCASINO ONLINEMAHJONG WAYS 2SBOBET88SV388design-agency-zaiscrip.zainikthemes.comdesign-agency-zaiscrip.zainikthemes.comdesign-agency-zaiscrip.zainikthemes.comdesign-agency-zaiscrip.zainikthemes.comhttps://mtsalisrowo.sch.id/mj/https://sfpti.com/ws/https://clearviewwindowcleaningtx.com/shivohamshiv.comyouraflooring.id/wp-includesyouraflooring.id/wp-includesyouraflooring.id/wp-includesSV388Agen Live CasinoSitus Judi BolaSBOBET88live casino onlinesabung ayam onlineagen bolaslot majong wayslive casinosv388sbobet88scatter hitamlive casino onlinesabung ayamsbobetscatter hitamlive casino onlinesabung ayam onlinejudi bolaslot zeusSBOBETSABUNG AYAM ONLINESBOBETSABUNG AYAM ONLINESBOBETSLOT ONLINEJUDI BOLA ONLINESV388LIVE CASINO ONLINESBOBETSABUNG AYAM ONLINESLOT THAILANDLIVE CASINO ONLINEsv388sbobet88casino onlinescatter hitamsv388mix parlay sbobetlive casino onlinezeus slotindopromaxindopromaxindopromaxindopromaxSITUS LIVE CASINOSITUS SABUNG AYAMSITUS SLOT THAILANDSITUS JUDI BOLAhooplaboratory.comwww.quantum.uawww.intens.czcasino onlinemahjong wayssbobetsv388https://sttrmk.ac.id/https://motivasiindonesia.com/css/https://motivasiindonesia.com/lib/https://motivasiindonesia.com/arsip/https://eliteclinics.com/SBOBET88Slot Mahjong Ways Fituur Scatter HitamSBOBET88SBOBET88 Situs Judi BolaSabung Ayam Onlinehttps://lavisageqa.com/publik/https://lavisageqa.com/1/https://shopaudioelectronics.com/linux/https://zaeemqatarmarble.com/news/taruhan bola onlinesv388slot onlinesabung ayam onlinejudi bola sbobetcasino onlinesv388sbobet88https://putrimas.com/user/kasir/https://putrimas.com/user/fungsi_admin/https://putrimas.com/user/ccg/https://putrimas.com/user/ssd/https://www.smkn1sorong.sch.id/login/icon/https://www.smkn1sorong.sch.id/assets/absen/https://www.smkn1sorong.sch.id/css/bost/https://www.smkn1sorong.sch.id/tracer/absen/https://www.smkn1sorong.sch.id/js/script/