ডিজিটেল ডেস্কঃ দেশত এতিয়া HMPV ভাইৰাছৰ আতংক। কৰ্ণাটক, গুজৰাট, পশ্চিমবংগ, নাগপুৰত HMPV ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পাছত এইবাৰ আহিল অসমৰ নাম। ইয়াৰ আক্ৰান্ত আটাইকেইটিয়ে আছিল শিশু।
অসমত প্ৰথমবাৰলৈ ডিব্ৰুগড়ৰ ১০ মহীয়া শিশুৰ দেহত ধৰা পৰিল HMPV ভাইৰাছৰ অৱস্থিতি। বৰ্তমান ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি হৈ আছে ১০ মহীয়া শিশুটি।
এএমচিএইচৰ অধীক্ষক ধ্ৰুবজ্যোতি ভূঞাই কয় যে, ‘৪ দিন পূৰ্বে সাধাৰণ চৰ্দি সমস্যাৰ বাবে শিশুটিক এএমচিএইচত ভৰ্তি কৰা হৈছিল। কালি লাহোৱাল আইচিএমআৰ-আৰএমআৰচিৰ পৰীক্ষাৰ অন্তত শিশুটিৰ দেহত ভাইৰাছটো ধৰা পৰে।’
তেওঁ লগতে জনাইছে যে এই ভাইৰাছে পাঁচ বছৰ বয়সলৈকে শিশুক আক্ৰান্ত কৰে আৰু ই সাধাৰণ ভাইৰাছ। তেওঁ লগতে কয় যে চিন্তাৰ কোনো কাৰণ নাই।
প্ৰধান ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আৰু তৃতীয় পৰ্যায়ৰ চিকিৎসালয় JIPMER-Poducherry ৰ গৱেষকসকলে কৰা এক নতুন অধ্যয়নত প্ৰকাশ পাইছে যে শিশুৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সৃষ্টি কৰা HMPV ভাৰতত বছৰ বছৰ ধৰি উপস্থিত থকাই নহয়, ইয়াৰ বিকাশো হৈছে।
HMPVয়ে সাধাৰণতে বেছিভাগ প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত মৃদু ৰোগ সৃষ্টি কৰে। কিন্তু ৫ বছৰৰ তলৰ শিশু, ৬০ বছৰৰ ওপৰৰ লোক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোককে ধৰি কিছুমান বিশেষভাৱে স্পৰ্শকাতৰ গোটৰ বাবে ই অধিক বিপদৰ সৃষ্টি কৰে।
Leave A Comment