ডিজিটেল ডেস্কঃ ডিব্ৰুগড়ত সংঘটিত হৈছে এক লোমহৰ্ষক, বীভৎস, পাশৱিক ঘটনা।
এগৰাকী ২২ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি, হত্যা কৰি উলংগ অৱস্থাত পেলাই দিলে চেঁচা নদীত।
ঘটনাটো সংঘটিত হৈছে বকুল মাজগাঁও চাপৰি লাইনত। ধৰ্ষণকাৰী ঘাটকৰ নাম বৰুণ মূড়া। ঘৰ লাহোৱাল টিমনাত।
পাঁচ দিন ধৰি সন্ধানহীন হৈ আছিল শোভা মাঝি নামৰ যুৱতীগৰাকী।
৯ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ থকা যুৱতীগৰাকীক মৃত অৱস্থাত ১৩ জানুৱাৰীত উদ্ধাৰ কৰা হৈছিল।
স্থানীয় ৰাইজে নদীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰে। যুৱতীগৰাকীৰ সৰ্ব শৰীৰত আঘাতৰ চিন স্পষ্ট।
পলাতক অৱস্থাত আছে ঘাটক ধৰ্ষণকাৰী বৰুণ মূড়া। প্ৰেমজনিত সম্পৰ্ক আছিল দুয়োৰে মাজত।
ধৰ্ষণকাৰী, ঘাটকক গ্ৰেপ্তাৰৰ দাবীত লাহোৱাল থানা ঘেৰাও সহস্ৰাধিক উত্তেজিত ৰাইজৰ।
লাহোৱাল আৰক্ষীৰ ব্যৰ্থতাৰ বিৰুদ্ধে ক্ষুব্ধ স্থানীয় ৰাইজ। আৰক্ষীৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনি।
Leave A Comment