• গুৱাহাটীত চাঞ্চল্যকৰ হত্যাকাণ্ডঃ স্বামীয়ে তিনি টুকুৰা কৰিলে পত্নীক

    আঞ্চলিক
    গুৱাহাটীত চাঞ্চল্যকৰ হত্যাকাণ্ডঃ স্বামীয়ে তিনি টুকুৰা কৰিলে পত্নীক
    ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত আকৌ সংঘটিত হ’ল নৃশংস হত্যাকাণ্ড। এইবাৰ পতিয়ে পত্নীক হত্যা কৰিলে অতি নাৰকীয়ভাবে। জ্যোতিকুছিৰ ঢপলীয়াত সংঘটিত হৈছে স্বামীয়ে পত্নীক হত্যা কৰাৰ  ভয়ংকৰ ঘটনাটো।  গুৱাহাটীত চাঞ্চল্যৰ সৃষ্টি কৰা হত্যাকাণ্ডটোত পাষাণ স্বামীয়ে তিনি টুকুৰাকৈ কাটিলে তেওঁৰ  পত্নীক। 

    আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে লক্ষ্মণ  বিশ্বাস নামৰ লোকজনে সংঘটিত কৰিলে হত্যাকাণ্ড।স্বামী লক্ষ্মণে পত্নী দিপালী পোদ্দাৰক তিনি টুকুৰাকৈ কাটি হত্যা কৰে। ঘটনা সন্দৰ্ভত লক্ষ্মণ বিশ্বাসক  ফটাশিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

     জানিব পৰা মতে স্বামী লক্ষ্মণে পত্নীক হত্যা কৰি  মৃতদেহটো ৰাজপথত পেলাবলৈ লৈ গৈ আছিল। সেই সময়তে আৰক্ষীৰ  পেট্ৰ'লিং দলে  লক্ষ্মণক  দেখা পায় আৰু লগে লগে তেওঁক আটক কৰিবলৈ সক্ষম হয়।  কি কাৰণত স্বামীয়ে পত্নীক এনেদৰে হত্যা কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। বহুতে ধাৰণা কৰা অনুসৰি পাৰিবাৰিব কন্দলৰ বাবেই সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড।