ডিজিটেল ডেস্কঃ পত্নীক নাপাই দুখত ভাগি পৰিছে এজন স্বামী। এবছৰীয়া প্ৰেমৰ অন্তত কোৰ্ট মেৰেজ কৰিও পত্নীক নিজ গৃহলৈ নিব নোৱাৰি দুখত ভাগি পৰিছে স্বামী বাবন মণ্ডল। ঢেকিয়াজুলি আৰক্ষীয়ে প্ৰেমিক-প্ৰেমিকা হালৰ মাজত কোৰ্ট মেৰেজ হোৱাৰ পিছতো এক পক্ষীয় ভাৱে বিচাৰ কৰাৰ অভিযোগ প্ৰেমিক স্বামী বাবন মণ্ডলৰ।
জানিব পৰামতে ঢেকিয়াজুলিৰ এগৰাকী যুৱতীৰ সৈতে এবছৰ পূৰ্বৰে পৰা প্ৰেমৰ সম্পৰ্ক আছিল ওদালগুৰি জিলাৰ মাজবাটৰ ১ নম্বৰ খামটুবাৰী গাঁৱৰ বাবন মণ্ডল নামৰ এজন যুৱকৰ।
এবছৰ প্ৰেমৰ অন্তত দুয়োৰে সিদ্ধান্ত মৰ্মে কোৰ্ট মেৰেজৰ জৰিয়তে বিবাহপাশত আবদ্ধ হ'ল দুয়ো। তেতিয়ালৈকে সকলো ঠিকেই আছিল।কোৰ্ট মেৰেজ কৰি বাবন মণ্ডলে যেতিয়া পত্নীক নিজ গৃহলৈ লৈ যায় তাৰপাছতে লাগিল কন্দল।
যুৱতীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত যুৱতীগৰাকীক আৰক্ষীৰ সহায়ত পুনৰ নিজ গৃহ ঢেকিয়াজুলিলৈ লৈ আনিলে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে।
ঢেকিয়াজুলি আৰক্ষীয়ে বাবন মণ্ডলক শাৰীৰিকভাৱে অপদস্ত কৰাৰো অভিযোগ উঠিছে।
আজি প্ৰায় এমাহে পত্নীৰ লগত যোগাযোগ নোহোৱাত দুখত ভাগি পৰিছে স্বামী বাবন মণ্ডল।
পত্নীৰ বাবে মাজবাটৰ পৰা ঢেকিয়াজুলি থানালৈ আহি আহি ন্যায় বিচাৰি বিচাৰি দিশহাৰা হৈ পৰিছে স্বামী বাবন মণ্ডল।
Leave A Comment