ডিজিটেল ডেস্কঃ শেহতীয়া কৈ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা ভোটাৰ তালিকাত প্ৰকাশিত তথ্য অনুসৰি পোন প্ৰথমবাৰৰ বাবে অসমত পুৰুষ ভোটাৰৰ সংখ্যাক চেৰ পেলালে মহিলা ভোটাৰে। ৬ জানুৱাৰীত নির্বাচন আয়োগে প্রকাশ কৰা চূড়ান্ত ভোটাৰ তালিকাত বৃদ্ধিপালে মহিলা ভোটাৰৰ সংখ্যা।
ৰাজ্যত এতিয়া মুঠ ভোটাৰৰ সংখ্যা ২,৪৮,৬১,৯৭৯গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ ১,২৪,১৭,৬২২জনৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা হৈছে ১,২৪,৪৩,৯৬৭গৰাকী। অৰ্থাৎ, ৰাজ্যত পুৰুষ ভোটাৰতকৈ ২৬,৩৪৫গৰাকী মহিলা ভোটাৰৰ সংখ্যা বৃদ্ধি হৈছে। উল্লেখযোগ্য যে যোৱা ২৯ অক্টোবৰ, ২০২৪ত প্রকাশ পোৱা খচৰা ভোটাৰ তালিকাত মুঠ ভোটাৰৰ ২,৪৬,২৮,৬৭৩গৰাকী আছিল। ইয়াৰে পুৰুষ ভোটাৰ আছিল ১,২৩,১৬,৯৫১জন আৰু মহিলা ভোটাৰ ১,২৩,১১,৩৩৪ গৰাকী। অর্থাৎ, মহিলাতকৈ মাত্র ৫৬১৭জনহে পুৰুষ ভোটাৰ বেছি আছিল।
খচৰা ভোটাৰ তালিকাত ৬৯টা বিধানসভা সমষ্টিত মহিলা ভোটাৰৰ সংখ্যা বেছি আছিল যদিও মাত্ৰ দুটা মাহৰ পাছতে প্রস্তুত হোৱা চূড়ান্ত ভোটাৰ তালিকাত মহিলা ভোটাৰ বেছি থকা বিধানসভা সমষ্টিৰ সংখ্যা ৭১টালৈ বৃদ্ধি পালে। এটা সময় আছিল ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে মহিলাসকল আগ্রহী নাছিল তথা ভোটদান বা ৰাজনীতিৰ প্ৰতি মহিলাসকলৰ বিশেষ আকৰ্ষণ নাছিল। সদ্য প্রকাশিত চূড়ান্ত ভোটাৰ তালিকাই এই কথা স্পষ্ট কৰে যে সংখ্যালঘু প্রধান সমষ্টিসমূহৰ তুলনাত সংৰক্ষিত সমষ্টি, উজনি অসমৰ সমষ্টিসমূহত মহিলা ভোটাৰৰ সংখ্যা বেছি। ইয়াৰ তুলনাত বৰাক উপত্যকাতো পুৰুষ ভোটাৰৰ প্ৰাধান্য অপৰিৱৰ্তিত হৈ আছে।
চৰকাৰৰ হিতাধিকাৰী সৃষ্টি কৰা আঁচনিসমূহ যিহেতু মহিলা-কেন্দ্রিক সেয়েহে বেংক একাউন্ট খোলাৰ সময়ত আধাৰ, ভোটাৰ কার্ড অপৰিহাৰ্য হৈ পৰাত ১৮ বছৰ অতিক্ৰম কৰাৰ পাছত এতিয়া কোনো যুৱতী বা আন মহিলাই আধাৰ বা ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ নাথাকে। মহিলাসকলে আধাৰ নম্বৰ লোৱা, ভোটাৰ তালিকাত নাম ভৰোৱাৰ ফলত মহিলা ভোটাৰ বৃদ্ধি পোৱাৰ কথা স্পষ্ট হৈ পৰিছে। যোৱা ৬ জানুৱাৰীত নির্বাচন বিভাগে প্রকাশ কৰা চূড়ান্ত ভোটাৰ তালিকা অনুসৰি জনজাতিৰ বাবে সংৰক্ষিত সমষ্টিসমূহৰ ভিতৰত ১৪টাতে ক্রমে দতমা, কোকৰাঝাৰ, গোৱালপাৰা পশ্চিম, দুধনৈ, চিদলী-চিৰাং, বকো-ছয়গাঁও, বাক্সা, 'ওদালগুৰি, ধেমাজি, জোনাই, বোকাজান, হাওৰাঘাট, ডিফু আৰু হাফলং সমষ্টিত পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা অধিক হৈছে। অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ডিমৰীয়া, জাগীৰোড, ৰহা, বিহালী, বৰাক উপত্যকাৰ লক্ষীপুৰ, উদৰবন্দ আৰু শিলচৰ, উত্তৰ অসমৰ বৰচলা, তেজপুৰ, ৰঙাপৰা, নদুৱাৰ আৰু বিশ্বনাথত মহিলাতকৈ পুৰুষ ভোটাৰৰ সংখ্যা কম।
সংখ্যালঘু প্রধান সমষ্টিসমূহত আগৰ দৰে মহিলা ভোটাৰৰ সংখ্যা কম হৈয়ে আছে। ইয়াৰ বিপৰীতে খিলঞ্জীয়া লোক বসতি প্রধান তথা উজনি অসমৰ ২৮টা সমষ্টিত মহিলা ভোটাৰে পুৰুষ ভোটাৰক সংখ্যাৰ দিশত চেৰ পেলাইছে। বিহপুৰীয়া, ৰঙানদী, লখিমপুৰ, ডুমডুমা, মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম, তিনিচুকীয়া, চাবুৱা- লাহোৱাল, ডিব্ৰুগড়, খোৱাং, দুলীয়াজান টিংখং, নাহৰকটীয়া, সোনাৰি, মাহমৰা, ডিমৌ, শিৱসাগৰ নাজিৰা, টিয়ক, যোৰহাট, মৰিয়নি তিতাবৰ, গোলাঘাট, দেৰগাঁও, বোকাখাত, খুমটাই আৰু সৰুপথাৰ সমষ্টিত পুৰুষ ভোটাৰৰ সংখ্যা মহিলাতকৈ কম। ইফালে মিশ্রিত ভোটাৰ থকা ১৮টা সমষ্টিত বৃদ্ধি পাইছে মহিলা ভোটাৰ। চূড়ান্ত ভোটাৰ তালিকা অনুসৰি বাওখুংগ্ৰী, গোৱালপাৰা পূব, অভয়াপুৰী, বঙাইগাঁও, পলাশবাৰী, দিছপুৰ, নিউ গুৱাহাটী, গুৱাহাটী চেন্ট্রেল, জালুকবাৰী, ভেৰগাঁও, মাজবাট, টংলা, মৰিগাঁও, কলিয়াবৰ, বঢ়মপুৰ, নগাঁও-বটদ্ৰৱা আৰু বিলাসীপাৰা সমষ্টিত পুৰুষ ভোটাৰৰ সংখ্যাক চেৰ পেলালে মহিলা ভোটাৰৰ সংখ্যাই।
Leave A Comment