ডিজিটেল ডেস্ক: আজি যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ অন্তৰ্গত কলিয়াপানী ব্লক তিনিআলিত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ উপস্থিতিত এখন বৃহৎ জনসভা অনুষ্ঠিত হয়। সহস্ৰাধিক ৰাইজৰ উপস্থিতিত আজি বিভিন্ন দল সংগঠনৰ দুই শতাধিক লোকে ৰাইজৰ দলৰ নীতি-আদৰ্শৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি যোগদান কৰে।
যোগদান কৰা সকলৰ ভিতৰত আদিবাসী ছাত্ৰ সন্থাৰ যোৰহাট জিলাৰ মুখ্য উপদেষ্টা দেৱেন চূড়ী, কংগ্ৰেছ দলৰ ম: খুৰছেদ আলি, পৱিত্ৰ বৰা, সূৰ্য্য বৰা, ৰঞ্জিতা শইকীয়া, অসম গণ পৰিষদৰ প্ৰাঞ্জল গগৈ, অসম জাতীয় পৰিষদৰ জিলা সমিতিৰ প্ৰশান্ত পাচনি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিজিত শইকীয়া আদিৰ নাম উল্লেখযোগ্য। আজি ভাষণ প্ৰসংগত তেখেতে কয় যে ২০২৬ চনৰ বিধান সভা নিৰ্বাচনত ৰাইজৰ দলে মৰিয়নি সমষ্টিত প্ৰতিদ্বন্দিতা কৰাটো একপ্ৰকাৰ নিশ্চিত। তেখেতে কয় দীৰ্ঘদিন ধৰি নিজৰ মৰিয়নি সমষ্টিটো পৈত্ৰিক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি সমষ্টিবাসী ৰাইজক প্ৰতাৰণা কৰাৰ উচিত পুৰষ্কাৰ এইবাৰ মৰিয়নিৰ জনতাই ৰাইজৰ দলৰ প্ৰাৰ্থীক জয়যুক্ত কৰাই দিব।
তেখেতে ২০২৬ ত ৰাইজৰ দল চৰকাৰৰ অংশ হোৱাৰ দৃঢ়তা প্ৰকাশ কৰি কয় যে ৰাইজৰ দলে চৰকাৰ গঠন কৰিলে পাঁচটা বিশেষ কামৰ নিশ্চিতি প্ৰদান কৰিব। সেইসমূহ হৈছে অসমৰ সকলো খেতিপথাৰত ১০০ শতাংশ জলসিঞ্চনৰ ব্যৱস্থা কৰি বছৰৰ সকলো সময়তে খেতি কৰিব পৰাৰ ব্যৱস্থা কৰা, খেতিয়কে উৎপাদন কৰা প্ৰতিটো বস্তুৰ নূন্যতম সমৰ্থন মূল্য প্ৰদান কৰা,অসমৰ স্থায়ী আৰু স্থানীয় মানুহে প্ৰতিযোগিতাৰ জৰিয়তে বজাৰ দখল কৰিবলৈ সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা, অসমৰ প্ৰত্যেকখন গাঁৱত ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি অৰ্থনৈতিক বিকাশৰ লগতে সংস্থাপনৰ ব্যৱস্থা কৰা আৰু অসমক শ্ৰেষ্ঠ পৰ্যটন ৰাজ্য ৰূপে গঢ়ি তোলা।
জিলা সমিতিৰ সভাপতি প্ৰদীপ সৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত সভাপতি গগৈৰ লগতে কেন্দ্ৰীয় সম্পাদক তথা মৰিয়নি সমষ্টিৰ মুখ্য তত্বাৱধায়ক দেবাংগ সৌৰভ গগৈ, কেন্দ্ৰীয় সম্পাদক তথা টিয়ক সমষ্টিৰ তত্ত্বাৱধায়ক বিজিত দত্ত, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বিশ্বজিৎ বৰুৱা, জিলা সমিতিৰ কাৰ্যকৰী সভাপতি গীতাঞ্জলি গগৈ, সাধাৰণ সম্পাদকদ্বয় প্ৰমোদ গগৈ, পাপৰি গগৈ, টীয়ক সমষ্টিৰ সভাপতি সঞ্জীৱ বৰা, মৰিয়নি সমষ্টি সমিতিৰ সভাপতি বিকাশ চেতিয়া, তিতাবৰ সমষ্টিৰ সভাপতি চক্ৰেন শইকীয়া, জাতীয় যুৱ বাহিনীৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুব্ৰত দত্ত, জাতীয় নাৰী বাহিনীৰ উপ সভানেত্ৰী অনুৰাধা বৰচেতিয়াকে আদি কৰি জিলা, সমষ্টি, কলিয়াপানী ব্লক সমিতি, পঞ্চায়ত সমিতি আৰু ৱাৰ্ড সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে।
Leave A Comment